/asomiyapratidin/media/media_files/2025/07/16/xcxcxc-2025-07-16-16-58-09.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চুৰিকাণ্ড ৷ দুদিন পুৰ্বে এগৰাকী সাংবাদিকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত মঙলবাৰে নিশা ৰঙাপৰাত পুনৰ সংঘটিত হয় আন এক চুৰিৰ ঘটনা ৷ এখন দুখন নহয়, একে নিশাই পাঁচখনকৈ দোকানত চোৰে চলালে এই লুটপাত ৷
উল্লেখযোগ্য যে, ৰঙাপৰা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই চুৰিকাণ্ড ৷ নিশা হোৱা মুষলধাৰ বৰষুণৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ এখন মোবাইল, দুখনকৈ চাহ দোকান, এখন মেডিকেল ষ্টোৰ, ইউ কো(UCO) বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ তলা ভাঙি চলাই লুটপাত। চোৰৰ দলে দোকানৰ পৰা নিলে মবাইল, লেপটপ ,চিচিটিভি কেমেৰাৰ লগতে নগদ ধন ৷
ইতিমধ্যে ভুক্তভোগী দোকানীয়ে ৰঙাপৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত তদন্ত অব্যাহত ৰাখিছে ৷