/asomiyapratidin/media/media_files/2025/07/02/new-ap-web-5-10-2025-07-02-20-36-38.jpg)
ডিজিটেল সংবাদ ৰঙিয়াঃ সাংবাদিৰ এম ছাইফুদ্দিন আহমেদৰৰ বাসগৃহত চুৰি। জানিব পৰা মতে সাংবাদিকগৰাকীৰ ৰঙিয়াৰ ওচৰৰ খন্দিকৰৰ ঘৰত মঙলবাৰে নিশা চোৰে অভিযান চলায়।
খিৰিকীৰ গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ কৰা চোৰ। উল্লেখ্য যে - তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খন্দিকৰ গাঁৱৰ ঘৰটো এৰি যোৱা ১ জুনৰ পৰা ৰঙিয়াত ভাড়ালৈ থাকিবলৈ লৈছিল তেওঁৰ পৰিয়াল। ফলত ঘৰত কোনো নথকাৰ সুযোগ লৈ মঙলবাৰে নিশা ঘৰৰ সন্মুখৰ খিৰিকীৰ গ্ৰূল ভাঙি ঘৰত প্ৰৱেশ কৰি চোৰ।
জানিব পৰা মতে চোৰে কাঁহ -পিতলৰ বাচন -বৰ্তন, চিলাই মেছিন, কুকাৰ, কেৰাহি আদি লৈ উধাও হোৱাৰ উপৰি চিলিঙৰ এচি ব'ৰ্ড আদি ভাঙি লুটপাত চলায়। আজি বুধবাৰে পুৱা প্ৰায় ৯.৩০ বজাত ঘৰলৈ গৈ খিৰিকী ভঙা প্ৰত্যক্ষ কৰাৰ পিছত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চুৰি হোৱাৰ বিশয়ে অৱগত হয় জ্যেষ্ঠ সাংবাদিকগৰাকী।
তাৰ পিছতেই আহমেদে স্থানীয় কাউৰবাহা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰা হোৱা নাই ।