ভূমি বিক্ৰী কৰি পোৱা ১ কোটি লৈ গ'ল চোৰে !

ভূমি বিক্ৰী কৰি পোৱা ১ কোটি লৈ গ'ল চোৰে !
ভূমি বিক্ৰী কৰি পোৱা ১ কোটি লৈ গ'ল চোৰে !

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চুৰি কাণ্ড। এক লাখ, ২ লাখ নহয়, প্ৰায় ১ কোটি টকাৰ নগদ ধন চুৰি কৰি লৈ গ'ল এজন লোকৰ বাসগৃহৰ পৰা।

প্ৰাপ্ত তথ্য মতে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই ঘটনা। হাতীগাঁৱৰ আৰফাত আলী নামৰ লোকজনে হাতীগাঁৱৰে এটুকুৰা ভূমি বিক্ৰী কৰিছিল। এই ভূমি বিক্ৰী কৰি তেওঁ লাভ কৰিছিল প্ৰায় কোটি টকা।

ভূমি বিক্ৰী কৰি পোৱা ধন নিজৰ ঘৰতেই ৰাখিছিল আৰফাত আলী নামৰ লোকজনে। ঘৰতেই জমা কৰি ৰখা সেই ১ কোটি টকা লৈ গ'ল চোৰে। থৈ গ'ল ৮ লাখ টকা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই চুৰি কাণ্ডৰ সৈতে পৰিয়ালৰ লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আনহাতে ভূমি ক্ৰয় কৰা লোকসকলকো তদন্তৰ আওতালৈ আনিব বুলিও প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in