অম্বুবাচীৰ সুযোগ লৈ মন্দিৰত চুৰিকাণ্ড

মঙলদৈত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ মন্দিৰত চোৰৰ লুটপাত। অম্বুবাচী মহাযোগৰ বাবে মন্দিৰ বন্ধ থকাৰ সুযোগ লৈ বৰুৱাপাৰাস্থিত শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰত চোৰে চলালে এই চুৰিকাৰ্য।

author-image
Asomiya Pratidin
New Update
DFDFFD

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ মন্দিৰত চোৰৰ লুটপাত। অম্বুবাচী মহাযোগৰ বাবে মন্দিৰ বন্ধ থকাৰ সুযোগ লৈ বৰুৱাপাৰাস্থিত শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰত চোৰে চলালে এই চুৰিকাৰ্য। বৃহস্পতিবাৰে পুৱা অম্বুবাচী শেষ হোৱাৰ পিছত মন্দিৰত প্ৰৱেশ কৰাৰ পিছতহে চুৰিকাণ্ডৰ কথা পোহৰলৈ আহে। 

মঙলদৈ ৭ নং ৱাৰ্ডত থকা জাগ্ৰত মন্দিৰটোৰ পৰা চোৰে সোণ, ৰূপৰ গহনাৰ লগতে তিনিটাকৈ দানপাত্ৰ ভাঙি দানপাত্ৰত থকা সকলো ধন লৈ যায়। পিছে চিচিটিভিত আবদ্ধ হয় চুৰিকাণ্ডৰ সকলো দৃশ্য। চিচিটিভিত প্ৰত্যক্ষ কৰা অনুসৰি বিগত ২৪ জুনত এই চুৰিকাৰ্য সংঘটিত হৈছিল। উল্লেখযোগ্য যে, একে ঠাইতে কিছুদিন পূৰ্বে এখন চাৰিচকীয়া বাহনেৰে দুটাকৈ ছাগলী চুৰি কৰিছিল আৰু সেই চুৰিকাৰ্যৰ সম্পূৰ্ণ চিচিটিভিৰ ভিজুৱেল আৰক্ষীক দিয়াও হৈছিল। কিন্তু আচৰিতভাৱে আৰক্ষীয়ে আজিলৈ চোৰ ধৰিবলৈ সক্ষম নহল।

ইফালে ৰাইজৰ অভিযোগ অনুসৰি মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবে প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে চুৰিকাণ্ড। আৰক্ষীৰ ভূমিকাকলৈ অসন্তুষ্ট স্থানীয় ৰাইজ।

মঙলদৈ