ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চুৰিকাণ্ড

ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চুৰিকাণ্ড

User

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা চোৰে মন্দিৰৰ দানপাত্ৰ ভাঙি নগদ ধনৰ লগতে মন্দিৰৰ ভিতৰত থকা কেইবাযোৰ ৰূপৰ ফুল চুৰি কৰি নিয়ে।

Advertisment

অন্যহাতে শনিবাৰে পুৱাৰ ভাগত নামঘৰীয়াই চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক পৰে। ইয়াৰ পাছতে তেঁও ঘটনা সন্দৰ্ভত থান পৰিচালনা সমিতিক অৱগত কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানত কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছিল।

Also Read: ওদালগুৰিৰ বকুলতলাত ভয়ংকৰ অগ্নিকাণ্ড : ৪০ লাখৰো অধিক টকাৰ সম্পত্তি বিনষ্ট

বাসুদেৱ থান