/asomiyapratidin/media/media_files/2025/07/18/gfhg-2025-07-18-22-53-44.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত বৃহস্পতিবাৰে নিশা এখন দোকানত চুৰিকাণ্ড সংঘটিত হয়। নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথৰ দাঁতিত ভোমোৰাগুৰিত অৱস্থিত কৃষ্ণ শইকীয়া নামৰ ব্যৱসায়ীজনৰ চাহৰ হোটেল আৰু তামোল পাণৰ দোকানত এই চুৰি কাণ্ড সংঘটিত হয়। কৃষ্ণ শইকীয়াৰ দোকানৰ দৰ্জাৰ তলা ভাঙি কেচবক্সৰ পৰা প্ৰায় ৫ হেজাৰ টকা, বিশ হাজাৰ টকাৰ সা-সামগ্ৰী আৰু এলপিজি গেছৰ ষ্টভ, চিলিণ্ডাৰ লৈ যায়।
ৰাজপথৰ কাষতে থকা দোকানত চুৰি হোৱাক লৈ এতিয়া অন্যান্য দোকানী আৰু স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। ভৱিষ্যতে এনে ঘটনা সংঘটিত নহ'বলৈ আৰক্ষীক কটকটীয়া নিৰপত্তা দিবলৈ আহ্বান জনাইছে বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজ আৰু ব্যৱসায়ীসকলে। ইফালে চুৰিকাণ্ড ঘটনা সংক্ৰান্তত কৃষ্ণ শইকীয়াই বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।