/asomiyapratidin/media/media_files/2025/01/20/TbwyqSGE28oA2BfJHAkB.jpg)
অমিতাভ বচ্চনে Photograph: (অমিতাভ বচ্চন)
ডিজিটেল ডেস্কঃ বিগ বি অমিতাভ বচ্চনে বিক্ৰী কৰিলে নিজৰ নামত থকা এটা ঘৰ। চাৰি বছৰৰ পূৰ্বে ৩১কোটি টকাত ক্ৰয় কৰা এটা বিলাসী ডুপ্লেক্স ফ্লেট বিক্ৰী কৰিলে ৮৩কোটি টকাত। উল্লেখ কৰা প্ৰয়োজন যে, মুম্বাইৰ উপকন্ঠ অঞ্চলত অৱস্থিত এই ঘৰটোত চুইমিং পুল, জিম, চিনেমা হলৰ পৰা আদি কৰি সকলো ধৰণৰ সুবিধা উপলদ্ধ আছিল।
২০২১ৰ এপ্ৰিল মাহত ৩১কোটি টকাত ক্ৰয় কৰিছিল এই ঘৰটো। চাৰি বছৰৰ পাছত প্ৰায় ১৬৮শতাংশ লাভেৰে এই ঘৰটো বিক্ৰী কৰিলে বিগ বিয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিগ বিয়ে বিগত প্ৰায় ৫বছৰত মুম্বাইত এনে বহু বিলাসী ফ্লেট ক্ৰয় কৰিছে।
শেহতীয়াকৈ মুম্বাইৰ মুলুণ্ড অঞ্চলত অৱস্থিত ইটাৰ্নিয়া এপাৰ্টমেন্টত প্ৰায় ১০টা ফ্লেট ক্ৰয় কৰি থৈছে অমিতাভ বচ্চনে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে, ৰিয়েল ষ্টেট এই ব্যৱসায়ত প্ৰায় ১০০কোটি টকা বিনিয়োগ কৰিছে অমিতাভ বচ্চনে।