চাইকেল চলাই মহাকুম্ভ মেলাত উপস্থিত হৈ, বিভিন্ন তীৰ্থ দৰ্শন কৰি বটদ্ৰৱাত উপস্থিত যুৱক...

“চাইকেল চলাওক স্বাস্থ্য গঢ়ক, প্ৰদুষণ মুক্ত হওক আমাৰ দেশ।"- এই বাৰ্তা লৈ চাইকেল চলাই সুদীৰ্ঘ যাত্ৰা কৰি মহাকুম্ভ মেলাত উপস্থিত হৈ, পুনৰ বিভিন্ন তীৰ্থ দৰ্শন কৰি অৱশেষত শনিবাৰে বটদ্ৰৱা উপস্থিত হৈছে এজন বিশেষ যুৱক।

author-image
Asomiya Pratidin
New Update
বিভিন্ন তীৰ্থ দৰ্শন কৰি বটদ্ৰৱাত উপস্থিত যুৱক

ডিজিটেল সংবাদ, বটদ্ৰৱা : “চাইকেল চলাওক স্বাস্থ্য গঢ়ক, প্ৰদুষণ মুক্ত হওক আমাৰ দেশ।"- এই বাৰ্তা লৈ চাইকেল চলাই সুদীৰ্ঘ যাত্ৰা কৰি মহাকুম্ভ মেলাত উপস্থিত হৈ, পুনৰ বিভিন্ন তীৰ্থ দৰ্শন কৰি অৱশেষত শনিবাৰে বটদ্ৰৱা উপস্থিত হৈছে এজন বিশেষ যুৱক। বটদ্ৰৱাৰ জাজৰিৰ বেলতলৰ নয়নমনি নাথ ওৰফে এন এম শিৱম নামৰ এই যুৱকজনে ২০ জানুৱাৰীত জাজৰি বেলতলৰ পৰা যাত্ৰা আৰম্ভ কৰি মহাকুম্ভ মেলা তথা গংগা-যমুনা-সৰস্বতী নদীৰ সংগমস্থলী প্ৰয়াগৰাজত উপস্থিত হৈছিল।

Advertisment

চাইকেল চলাই মহাকুম্ভ মেলাত উপস্থিত হৈ, বিভিন্ন তীৰ্থ দৰ্শন কৰি বটদ্ৰৱাত উপস্থিত যুৱক

তাৰ পৰা পুনৰ চাইকেলেৰে অযোধ্যা, বেনাৰস আদি বিভিন্ন তীৰ্থ দৰ্শন কৰি অৱশেষত আজি বটদ্ৰৱা থানত সামৰণি মাৰে এই দীঘলীয়া যাত্ৰাৰ। লগতে গংগা-যমুনা-সৰস্বতী নদীৰ সংগমস্থলীৰ পৰা পবিত্ৰ জল আনি সেই জল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত অৰ্পণ কৰে। 

আকাশীগংগাত জল অৰ্পণ
জল অৰ্পণ

 

উল্লেখযোগ্য যে, প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা লৈ চাইকেল চলাই সুদীৰ্ঘ যাত্ৰা কৰি অৱশেষত বটদ্ৰৱা উপস্থিত যুৱকজনক বিভিন্নজনে আদৰণী জনাইছে।

batadraba