/asomiyapratidin/media/media_files/2025/08/03/untitled-1-copy-2025-08-03-17-58-33.jpg)
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও কৃষ্ণতলাৰ পৰা আজি তিনি বছৰে এজন যুৱক সন্ধানহীন হৈ আছে। সন্ধানহীন যুৱকজনৰ নাম যুধিষ্ঠিৰ চৌধৰী। বয়স ৩০ বছৰ। পিতৃ প্ৰয়াত যোগেন্দ্ৰ চৌধৰী আৰু মাতৃৰ নাম গীতাৰানী চৌধৰী। যুৱকজনৰ ঘৰ হৈছে ঝাৰগাঁও কৃষ্ণতলাত।
মানসিকভাৱে সামান্য অসুস্থ হৈ থকা শিক্ষিত যুৱকজনে কাম বন কৰিব পাৰে যদিও ইফালে সিফালে অনাই বনাই ঘুৰি ফুৰিছিল ঘৰত থকা সময়ত। মন গ’লেই ঘৰৰ পৰা কেতিয়াবা ওলাই গৈছিল যদিও আকৌ উভতি আহে।
পিছে এনেকৈয়ে এদিন তিনি বছৰ আগত ঘৰৰ পৰা ৯-০০ মান বজাত পৰিয়ালৰ কোনেও গম নোপোৱাকৈ যি ওলাই গৈছিল, তাৰ পিছত আজিলৈ আৰু উভতি নাহিল। ক'ত আছে কোনো শুংসূত্ৰ পোৱা নাই।
যাৰ ফলত এতিয়া বৃদ্ধা মাতৃয়ে পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে। মৰিগাঁও জিলাৰ লগতে গুৱাহাটীৰো বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও সন্ধান পোৱা নাই।
কন্দাৰ বাহিৰে এতিয়া উপাই নোহোৱা হৈছে মাতৃগৰাকীৰ। নিৰুদ্দেশ হৈ থকা যুৱকজনৰ কোনোবাই সন্ধান পালে স্থানীয় আৰক্ষীক যোগাযোগ কৰি সহায় কৰিবলৈ মাতৃগৰাকীৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছে।