Advertisment

দেশৰ কেইবাটাও ক্ষেত্ৰত ২০২৪ বৰ্ষটো উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হ’ব...

কেইবাটাও ক্ষেত্ৰত ২০২৪ বৰ্ষটো ভাৰতৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হৈ ৰ’ব।  ঔষধ, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি, মহাকাশ, আন্তঃগাঁথনি আৰু কোৱাণ্টাম কম্পিউটিং, এ আই, আদি প্ৰযুক্তিৰ ক্ষেত্ৰত দেশে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

author-image
Asomiya Pratidin
New Update
india..

india

ডিজিটেল ডেস্ক : কেইবাটাও ক্ষেত্ৰত ২০২৪ বৰ্ষটো ভাৰতৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হৈ ৰ’ব।  ঔষধ, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি, মহাকাশ, আন্তঃগাঁথনি আৰু কোৱাণ্টাম কম্পিউটিং, এ আই, আদি প্ৰযুক্তিৰ ক্ষেত্ৰত দেশে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Advertisment

পৰিৱৰ্তনশীল নীতি আৰু উদ্ভাৱনে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতক দিছে এক সুকীয়া স্থান। এই নীতিৰ আধাৰত তথা ভাৰতৰ সবল নেতৃত্বত বিশ্বৰ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়াইছে উল্লেখনীয় অৱদান। 

২০২৪ বৰ্ষত প্ৰডাকচন লিংকড ইনচেন্টিভ চমুকৈ পি এল আই আদিৰ দৰে পদক্ষেপে ভাৰতক লৈ গৈছে উন্নতিৰ শিখৰলৈ। যাৰ দ্বাৰা চলিত বিত্তীয় বৰ্ষত ভাৰতৰ ঔষধ ৰপ্তানি ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছিল।

আনহাতে জৈৱ প্ৰযুক্তিয়ে ২০১৪ৰ ১০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪ত ১৩০ বিলিয়ন মাৰ্কিন ডলাৰলৈ ১৩গুণ বৃদ্ধি হৈছিল। ইয়াৰ উপৰি জৈৱ প্ৰযুক্তিয়ে ২০৩০ৰ ভিতৰত ৩০০ বিলিয়ন মাৰ্কিন ডলাৰৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে।

একেদৰে ভাৰতৰ মহাকাশ খণ্ডই ২০৩৩ৰ ভিতৰত মহাকাশ অৰ্থনীতি ৪৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। এই দৃষ্টিভংগীৰে আগবঢ়া মহাকাশ অৰ্থনীতিয়ে ২০২৪ত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি মূল কৃতিত্বসমূহৰ ভিতৰত আছে ভেনাছ অৰ্বিটাৰ মিছন চমুকৈ ভি অ’ এম আৰু চন্দ্ৰযান-৪ৰ অনুমোদন। উল্লেখযোগ্য যে বিদায়ী বৰ্ষটোতে ভাৰতে তামিলনাডুত দ্বিতীয়টো মহাকাশ বন্দৰৰ ভেটি স্থাপন কৰিছিল। লগতে ঐতিহাসিক চন্দ্ৰযান-৩ৰ সফল অৱতৰণ কৰিছিল। যাৰ বাবে উদযাপন কৰা হৈছিল ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এনেদৰে ভিন্ন ক্ষেত্ৰত ভিন্ন পৰিকাঠামোৰে আগবঢ়া ভাৰতে ২০২৪ত লাভ কৰিছিল উল্লেখনীয় সাফল্য।

india