বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক…

মঙলদৈৰ এগৰাকী শিক্ষয়ত্ৰীক ছ’চিয়েল মিডিয়াযোগে অশ্লীল মন্তব্য কৰি জে’ল যাত্ৰাৰ পিছত এতিয়া আকৌ সংগঠনৰ ৰোষত পৰিছে সাহিত্যিক ইছমাইল হুছেইন । দেওবাৰে দৰঙৰ বিশ্ব হিন্দু পৰিষদে..

author-image
Asomiya Pratidin
New Update
সংগঠনৰ ৰোষত পৰিছে সাহিত্যিক ইছমাইল হুছেইন

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈৰ এগৰাকী শিক্ষয়ত্ৰীক ছ’চিয়েল মিডিয়াযোগে অশ্লীল মন্তব্য কৰি জে’ল যাত্ৰাৰ পিছত এতিয়া আকৌ সংগঠনৰ ৰোষত পৰিছে সাহিত্যিক ইছমাইল হুছেইন । দেওবাৰে দৰঙৰ বিশ্ব হিন্দু পৰিষদে দৰং জিলা সাহিত্য সভাৰ কাৰ্যালয় লৈ গৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচীকে ধৰি কিতাপ প্ৰকাশক লৈকে ইছমাইল হুছেইনক বিৰত ৰাখিবলৈ দাবী জনায়। ইছমাইল হুছেইনে যাতে অসম সাহিত্য সভাৰ প্লেটফৰ্মখন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈও দাবী জনাই বিশ্ব হিন্দু পৰিষদে।

দৰঙ জিলা সাহিত্য সভাৰ সভাপতি- সম্পাদকে এই বিষয়ে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে । পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই ইছলাম হুছেইনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

mangaldai