/asomiyapratidin/media/media_files/2025/04/06/2vwAY16Mk5jdUEn5zVh1.jpg)
ডিজিটেল ডেস্ক : সাধাৰণতে এটা মুৰ্গীৰ দাম কিমান হ’ব পাৰে ? আপাত দৃষ্টিত বেছিতকৈ বেছি হ’লেও এটা মুৰ্গীৰ দাম ১হাজাৰ অথবা ২হাজাৰ টকা হ’ব পাৰে।
কিন্তু আপুনি জানি আচৰিত হ’ব যে এই বিশ্বতে আছে সবাতোকৈ দামী মুৰ্গীৰ একাধিক প্ৰজাতি। এই প্ৰজাতিৰ মুৰ্গীৰ দাম ২হাজাৰ ডলাৰৰো অধিক। ভাৰতীয় মূল্যৰ হিচাপত আজিৰ তাৰিখত ইয়াৰ মূল্য হ’ব ১৭১০৬২.৫৩ টকা। কণী পৰাৰ ক্ষমতা, প্ৰচুৰ মাংসকে ধৰি কেইবাটাও কাৰকৰ বাবে এই সমূহ প্ৰজাতিৰ মুৰ্গীৰ মূল্য অধিক হৈছে।
তেনে কেইবিধমান উন্নত প্ৰজাতিৰ দামী মূল্যৰ মুৰ্গীৰ বিষয়ে উল্লেখ কৰা হ’ল-
ৰোড আইলেণ্ড ৰেডঃ এইবিধ প্ৰজাতিৰ কুকুৰাৰ মূল্য প্ৰায় ২হাজাৰ ডলাৰৰ ওচৰা- ওচৰি। ঊনবিংশ শতিকাৰ শেষৰ ফালে উত্তৰ-পূব আমেৰিকাৰ ৰোড আইলেণ্ডৰ পৰা উৎপত্তি হৈছে এইবিধ প্ৰজাতিৰ মুৰ্গী। এইবিধ প্ৰজাতিৰ কুকুৰাৰ এতিয়া বিশ্বজুৰি দ্ৰুতহাৰত চাহিদা বৃদ্ধি পাইছে।
কিয়নো ৰোড আইলেণ্ড ৰেড কুকুৰাৰ কণী পৰাৰ ক্ষমতা অধিক। একেদৰে এই প্ৰজাতিক কুকুৰাৰ কণী স্বাস্থ্যৰ বাবে অতি উত্তম। মাংসও বহু পৰিমাণে থাকে । পাউণ্ড হিচাপত ইয়াৰ ওজন প্ৰায় ৯ পাউণ্ড হ’ব পাৰে।
মালয়ঃ মালয় কুকুৰা আটাইতকৈ ওখ জাতৰ কুকুৰাৰ ভিতৰত অন্যতম। ইয়াৰ উচ্চতা প্ৰায় ৩৬ ইঞ্চি । অৱশ্যে এই প্ৰজাতিৰ কুকুৰাৰ ওজন প্ৰায় ৯ পাউণ্ডতকৈ বৰ বেছি নহয় । এই জাতৰ কুকুৰাৰ উৎপত্তিস্থল ব্ৰিটেইনৰ ডেভন আৰু কৰ্ণৱালত যদিও এই প্ৰজাতিৰ মূল ভাৰত আৰু এছিয়াৰ দেশসমূহ।
উল্লেখযোগ্য যে, একে প্ৰজাতিৰ কুকুৰা হ’লেও ইহঁতৰ চেহেৰাৰ কেতিয়াবা কেতিয়াবা মিল নাথাকিবও পাৰে। সাধাৰণতে এই প্ৰজাতিৰ বগা ৰঙৰ কুকুৰাই অধিক। অৱশ্যে গাঢ় বাদামী ৰঙৰ দাগ থকা আৰু মসৃণ তথা চিকচিকিয়া পাখি থকা কুকুৰাও আছে। ইয়াক গেম বাৰ্ড বুলিও কোৱা হয়। আগেয়ে এই প্ৰজাতিৰ কুকুৰা কুকুৰা যুঁজৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে ইয়াক কণীৰ বাবেহে পোহে। ৩৬৫ দিনত ১২০টাৰো অধিক কণী পাৰিব পৰা ক্ষমতা আছে।
জাৰ্মান লেংশ্বানঃ জাৰ্মান লেংশ্বান হৈছে ঊনবিংশ শতিকাত জাৰ্মানীত উৎপত্তি হোৱা এটা ডাঙৰ কুকুৰা। ইয়াৰ ওজন প্ৰায় ৯.৫ পাউণ্ড। ইহঁতৰ ভৰি দুখন ডাঙৰ আৰু ভৰিৰ তলুৱা একেবাৰে পাতল।
এই প্ৰজাতিৰ কুকুৰাৰ বৰণ সাধাৰণতে ক’লা, বগা, নীলা আৰু ক’লা-বাদামী। ইহঁতে বছৰি প্ৰায় ২০০টা কণী পাৰে। স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বহু সংখ্যক লোকে ইয়াক পোহে। ইয়াৰ মূল্য প্ৰায় ২ হাজাৰ ৫শ ডলাৰ।
অৰ্পিংটনঃ ই হৈছে ব্ৰিটেনত উপলব্ধ হোৱা এক উন্নত প্ৰজাতিৰ কুকুৰা। ইয়াৰ তিনিটা জাত হৈছে – মাইনোৰ্কা, লেংশ্বান, আৰু প্লাইমাউথ। সমগ্ৰ বিশ্বতে আজিকালি এই প্ৰজাতিৰ কুকুৰাৰ চাহিদা অধিক হাৰত বৃদ্ধি পাইছে।
ইয়াৰ ওজন ১০ পাউণ্ড পৰ্যন্ত হ’ব পাৰে আৰু উচ্চতা প্ৰায় ১৬ ইঞ্চি হ’ব পাৰে। অৰ্পিংটনৰ পাখি কোমল আৰু ইহঁতৰ ৰং সাধাৰণতে ক'লা, বগা, নীলা, আৰু সোণালী। কণীতকৈ ইয়াৰ মাংসৰ চাহিদা অধিক হেতুকে ইয়াৰ মূল্য ২৫শ ডলাৰৰ ওচৰা- ওচৰি।
ইয়াৰো উপৰি দামী প্ৰজাতিৰ কুকুৰাৰ ভিতৰত আছে- অষ্ট্ৰেলৰপ, কৰ্নিছ চিকেন, কোচিন, ডং টাও, ব্ৰহ্ম চিকেন, জাৰ্চি জায়েন্ট চিকেন।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, জাৰ্চি জায়েন্ট চিকেন বিশ্বৰ ভিতৰত আটাইতকৈ দামী কুকুৰা। ই বিশালকায় আকৃতিৰ কুকুৰা। ইয়াৰ উৎপত্তি উত্তৰ-পূব আমেৰিকাৰ নিউ জাৰ্চিত। ইয়াৰ ওজন ১৩ পাউণ্ড পৰ্যন্ত হ’ব পাৰে।
ইহঁতৰ ৰং সাধাৰণতে ক’লা, বগা, নীলা। শীত অঞ্চল ইঁহতৰ বাবে বসবাসৰ উপযোগী। বাকীবোৰ প্ৰজাতিৰ তুলনাত ইহঁতে সৰ্বাধিক কণী পাৰে। কণীবোৰো আকাৰত যথেষ্ট ডাঙৰ আৰু স্বাস্থ্য সন্মত। কণীৰ বৰণ বাদামী ৰঙৰ। এই প্ৰজাতিৰ কুকুৰা মাংসৰ বাবেও উপযোগী।