কচুৱা গেৰজাইপামত পানী যোগান আঁচনিৰ কাম লেহেমীয়া

ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ গেৰজাইপাম গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন মিছন এতিয়া মৰণফান্দলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। "ঘৰ ঘৰ কী নল ঘৰ ঘৰ কী জল "শ্লগানৰে তিনিটা বছৰৰ আগতে পানী যোগান আঁচনিখনৰ কাম আৰম্ভ কৰিছিল যদিও

author-image
Asomiya Pratidin
New Update
317

ডিজিটেল সংবাদ,কামপুৰ : ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ গেৰজাইপাম গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন মিছন এতিয়া মৰণফান্দলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। "ঘৰ ঘৰ কী নল ঘৰ ঘৰ কী জল "শ্লগানৰে তিনিটা বছৰৰ আগতে পানী যোগান আঁচনিখনৰ কাম আৰম্ভ কৰিছিল যদিও আজিকোপতি কাম সম্পূৰ্ণ কৰিব নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

Advertisment

গাঁওখনৰ গাঁওপ্ৰধানৰ লগতে স্থানীয় যুৱকসকলে ঠিকাদাৰে লেহেমীয়া গতিৰে কাম কৰা গুৰুতৰ অভিযোগ তুলিছে । অভিযোগ অনুসৰি গাঁওখনত প্ৰায় দুই তিনি বছৰ ধৰি পানী যোগান আঁচনি কাম কৰিছে যদিও সম্পূৰ্ণ নোহোৱা ৰাস্তাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড দ গাত কৰি থৈছে ।

যাৰ ফলত গাড়ী মটৰ অহা যোৱা বন্ধ হৈ পৰাত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। আনফালে যদিও আঁচনিখন বিৰিঙাআটি গাঁও বুলি নামাংকিত তথাপিও পানী যোগান আঁচনি প্ৰায় ৫ কি:মি: দূৰত্ব গেৰজাইপাম গাঁৱত নিৰ্মাণ কৰাৰ বাবে আন এক সমস্যাত ভুগিছে স্থানীয় ৰাইজ। ৰাইজে অতি শীঘ্ৰে পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰাৰ বাবে দাবী জনাইছে।

জল জীৱন আঁচনি