/asomiyapratidin/media/media_files/2025/07/12/379-2025-07-12-19-48-17.jpg)
ডিজিটেল সংবাদ, মৰিয়নি :মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত হাতীমুৰীয়াৰ সমীপৰ জাজী নদীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহটো ৰণখামৰ নিভা গগৈ(৪০) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে যোৱা ৯জুলাইৰ সন্ধিয়াৰে পৰা নিখোজ হৈ থকা মহিলাগৰাকী জাজী নদীত সলিল সমাধি ঘটাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে । ৰণখামৰ জাজী নদীৰ কাষৰ এগৰাকী ব্যক্তিৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছত মহিলাগৰাকী নিজ গৃহলৈ উভতি নহাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।
নিখোজ মহিলাগৰাকীৰ সন্ধানত জাজী নদীত এছ ডি আৰ এফে অভিযান চলাই যদিও মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল। ইফালে আজি হাটীমুৰীয়াৰ সমীপৰ জাজী নদীৰ পানীৰ জুৱলিত এটা মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, মহিলাগৰাকীৰ কপালত দাৰ ঘাপৰ চিন স্পষ্ট হৈ থকাত মহিলাগৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে কি পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হ'ল সেয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।