টকৌবাৰী গা‍ঁও পঞ্চায়তৰ নৱাগত আদৰণি সভা সম্পন্ন

পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ মিলিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাখনৰ আঁত ধৰে টকৌবাৰী গাঁও পঞ্চায়তৰ ১৪৮ নং বুথৰ বুথ সভাপতি জয়ন্ত মহন্তই।

author-image
Asomiya Pratidin
New Update
xhfhjdf

ডিজিটেল সংবাদ, ছয়দুৱাৰ : বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত টকৌবাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি ভোজৰাজ ছেত্ৰীৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু ৱাৰ্ড মেম্বাৰসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদেশ্য বৃহস্পতিবাৰে পঞ্চায়ত কাৰ্য্যলয়ত এখন নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ মিলিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাখনৰ আঁত ধৰে টকৌবাৰী গাঁও পঞ্চায়তৰ ১৪৮ নং বুথৰ বুথ সভাপতি জয়ন্ত মহন্তই।

Advertisment

পঞ্চায়তখনৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি ভোজৰাজ ছেত্ৰীৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰত্না দাস জাংৰে আৰু ৱাৰ্ড সদস্য সকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।নৱগঠিত পঞ্চায়ত সমিতিখনে দুৰ্নীতি আৰু অনিয়মক প্ৰশ্ৰয় নিদি নিকা আৰু স্বচ্ছতাৰে পঞ্চায়তৰ আঁচনি ৰূপায়নত গুৰুত্ব দিব বুলি সভাত উপস্থিত সকলো ৰাইজে আশা প্ৰকাশ কৰে।

আজি টকৌবাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰি ভোজ বাহাদুৰ ছেত্ৰীয়ে তেওঁৰ কাৰ্য্যকালত পঞ্চায়তবাসী ৰাইজৰ আন্তৰিক সহায় আৰু সহযোগিতা কামনা কৰে। টকৌবাৰী গাঁও পঞ্চায়তৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ স্বাৰ্থত তেওঁ সততাৰে কাম কৰি যাব বুলি ভাষণত উল্লেখ কৰে।

উক্ত সভাত উপস্থিত থাকি বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, বুৰৈ মণ্ডলৰ সভাপতি দীপক চাহু, অৱসৰপ্ৰাপ্ত শিক্ষক ঋষিৰাম ৰিজাল,ফণীধৰ ৰাউত,আঞ্চলিক সদস্যা ৰত্না দাস জাংৰে,পঞ্চায়ত সচিৱ প্ৰণৱ শইকীয়া প্ৰমুখ্যে বিভিন্ন জন লোকে টকৌবাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত ভাষণ আগবঢ়ায়। উক্ত সভাত ৱাৰ্ড সদস্য ক্ৰমে ধনমায়া দেৱী, বৰ্ণালী বিশ্বাস, দিপক দাস,বিশ্বজিৎ মণ্ডল, সুনীতা বড়ো,বিমলা কাৰ্কী,দীপা নৰহ,দীপক দাহাল আৰু অনন্ত পায়েং উপস্থিত থাকে। 

উক্ত আদৰণি সভাত বিশ্বনাথ জিলা বিজেপিৰ প্ৰাক্তন উপ সভাপতি কিৰণ কাৰ্ডং,বুথ সভাপতি জয়ন্ত মহন্ত,কম্বেশ্বৰ পগাগ,লক্ষীৰাম বৰা,কৃষ্ণ ছেত্ৰী,মনোজ অধিকাৰী,চন্দ্ৰ চৌহান,ৰীতামণি পায়েং, মাখন নাগৰ উপৰিও জি আৰ এছ উত্তম দে,জিপিচি আকাশ মণ্ডল,চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী কৃষ্ণ ঘিমিৰে আদি উপস্থিত থাকে।

ছয়দুৱাৰ