/asomiyapratidin/media/media_files/2025/07/06/331-2025-07-06-22-10-27.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : মুষলধাৰে হোৱা বৰষুণৰ ফলত গোলাঘাটৰ মাজেৰে বৈ যোৱা দৈয়াং আৰু ধনশিৰি নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট চহৰৰ পাৰ্শ্বৱৰ্তী এলেকা ১ নং ৱাৰ্ডৰ এক বৃহত্তৰ এলেকা বানপানীত বুৰ গৈছে ৷
এলেকাটোৰ দুশৰো অধিক লোকৰ ঘৰৰ ভিতৰত শনিবাৰে নিশা পানী সোমোৱাত ৰাইজ ভীষণ সমস্যাত পৰিছে ৷ পোহনীয়া পশু-পক্ষী ৰাস্তাৰ ওখ ঠাইত বান্ধি ৰাইজে নিৰাপদ আশ্ৰয়ত থিতাপি লৈছে ৷
পৰিস্থিতি চম্ভালিবৰ বাবে চহৰৰ ৰূপজ্যোতি নগৰ মধ্য ইংৰাজী বিদ্যালয়ত দেওবাৰৰ পৰা এটা আশ্ৰয় শিৱিৰ মুকলি কৰা হৈছে ৷ প্ৰায় ৮০ টা পৰিয়ালে এই শিবিৰত আশ্ৰয় লৈছে ৷
উল্লেখযোগ্য যে, এই পৰিস্থিতি বুজ ল'বলৈ সহায় সহযোগিতা আগবঢ়াইছে গোলাঘাট পৌৰ সভাই ৷ পৌৰপতি দুলুমণি বৰবৰা আৰু উপপৌৰপতি সীমান্ত বৰাই আজি বানাক্ৰান্ত এলেকা ভ্ৰমণ কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকলৈ সহায়ৰ হাত আগঢ়ায় ৷
চৰকাৰে বানাক্ৰান্তসকলক খাদ্য দ্ৰব্য যোগান ধৰাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগে ভলন্টিয়াৰ নিয়োগ কৰি সহায়ৰ হাত আগবঢ়াইছে ৷ ইফালে আজি কংগ্ৰেছৰ এটা সজাতি দলে আশ্ৰয় শিবিৰলৈ গৈ ৰাইজৰ দুখ - দুৰ্দশাৰ খবৰ লৈছে।