যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ মায়ং থানা ঘেৰাও...

বুৰাবুৰী স্কুলৰ সন্মুখত থকা পুখুৰীত দুদিন পূৰ্বে উদ্ধাৰ হৈছিল নেলীৰ কুমাৰবৰীৰ শুভজিত দাস নামৰ যুৱকজনৰ মৃতদেহ। যুৱকজনক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰে ৰাইজে।

author-image
Asomiya Pratidin
New Update
ৱলসসল

ডিজিটেল সংবাদ,মায়ং:  মায়ং থানাত উত্তপ্ত পৰিস্থিতি। মায়ঙৰ বুৰাবুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা লৈ আজি মায়ং থানা ঘেৰাও কৰে ৰাইজে। বুৰাবুৰী স্কুলৰ সন্মুখত থকা পুখুৰীত দুদিন পূৰ্বে উদ্ধাৰ হৈছিল নেলীৰ কুমাৰবৰীৰ শুভজিত দাস নামৰ যুৱকজনৰ মৃতদেহ।

Advertisment

যুৱকজনক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰে ৰাইজে। ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে তদন্তত গাফিলতি কৰা বুলি অভিযোগ উত্থাপন হৈছে। সেয়ে আজি কুমাৰবৰীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক বিচাৰি উচিত শাস্তিৰ দাবী জনাইছে।

মায়ং