চাবুৱাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চাবুৱাৰ বালিজান-বগৰিতলীয়াৰ গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই। অঞ্চলটোত প্ৰায় এটা সপ্তাহ ধৰি অব্যাহত আছে ভয়ংকৰ খহনীয়া।

author-image
Asomiya Pratidin
New Update
চাবুৱাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চাবুৱাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল সংবাদ, চাবুৱাঃ চাবুৱাৰ বালিজান-বগৰিতলীয়াৰ গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই। অঞ্চলটোত প্ৰায় এটা সপ্তাহ ধৰি অব্যাহত আছে ভয়ংকৰ খহনীয়া। সেই অঞ্চলটো পৰ্যবেক্ষণ কৰি "এই খহনীয়া ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে আৰু ক্ষতিগ্ৰস্ত সকলকো উপযুক্ত ক্ষতিপূৰণ দিয়া হব " বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 

Advertisment

শনিবাৰে মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সৈতে একেলগে ভয়ংকৰ খহনীয়াৰ দৃশ্য পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকসকলৰ লগতো মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, সৰ্বানন্দ সোনোৱালৰ ওপজা গাঁৱৰ পৰা মাত্ৰ ৩-৪ কিলোমিটাৰ নিলগৰ বালিজান-বগৰিতলীয়া অঞ্চলত আজি প্ৰায় এপষেক জুৰি অব্যাহত আছে খহনীয়া। ইতিমধ্যে জিঅ'বেগৰ লগতে মথাউৰিৰো বৃহৎ অংশ  উটুৱাই লৈ যোৱাৰ ফলত অঞ্চলটোলৈ ভয়াবহ ভাবুকি অনাৰ লগতে নৈপৰীয়াই বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে।

মাটি ভেটি হেৰুৱাৰ শংকাত থকা বগৰীতলিয়াৰ ৰাইজে সৰ্বানন্দ সোণোৱালৰ সন্মুখত কান্দি কান্দি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই। উল্লেখ্য যে, পাৰ্কোপাইনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে কাম অব্যাহত ৰাখিছে যদিও খহনীয়া নকমাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। শুকুৰবাৰে নিশা মাথাউৰিৰ লগতে জিঅ বেগৰ বৃহৎ অংশ উটুৱাই নিয়াত উৰে নিশা নৈৰ পাৰত ৰাইজে আতংকিত হৈ সময় পাৰ কৰিছে। 

সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাবুৱা পীয়ুষ হাজৰিকা