যোগীঘোপাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল ৰাষ্ট্ৰলৈ উৎসৰ্গা সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়,"জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ।

author-image
Asomiya Pratidin
New Update
cvxvxcvx

ডিজিটেল সংবাদ,যোগীঘোপা: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Advertisment

অনুষ্ঠানটো উপলক্ষে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী গৰাকীয়ে যোগীঘোপাৰ পৰা বাংলাদেশলৈ শিলৰ চিপৰ সৈতে জাহাজ এমভি ত্ৰিশূল আৰু ১১০ মেট্ৰিক টন কয়লা যুক্ত বাৰ্জ অজয় আৰু দীক্ষুৰ সৈতে এমভি পদ্মনেভিগেচন ২ জাহাজৰ ফ্লেগ্- অফ কৰে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিছিল। টাৰ্মিনেলটোৰ কৌশলগত গুৰুত্ব আছে কিয়নো ই ভূটানৰ গেলেফুৰ পৰা ৯১ কিমি দূৰত্বত, বাংলাদেশ সীমান্তৰ পৰা ১০৮কিমি আৰু গুৱাহাটীৰ পৰা ১৪৭কিমি দূৰত্বত অৱস্থিত। 

ই বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ দেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব। ২০২৭বৰ্ষলৈ এই টাৰ্মিনেলে বছৰি ১.১ নিযুত টন কাৰ্গ' পৰিচালনা কৰিব বুলি আশা কৰা হৈছে।

বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশ সমূহৰ সৈতে কৌশলগত আঞ্চলিক প্ৰকল্প আৰু চুক্তিৰ জৰিয়তে ভাৰতে বৰ্ধিত আঞ্চলিক বাণিজ্য আৰু নিৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ জলপথ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

এনেদৰেই দক্ষিণ এছিয়াৰ সামগ্ৰিক বিকাশ আৰু একত্ৰিকৰণত অৰিহণা যোগাইছে। লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এক নতুন গতি দিছে। ৮২কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মিত যোগীঘোপা টাৰ্মিনেলত এটা আৰ চিচি জে টি আছে যাৰ সামগ্ৰী পৰিচালনাৰ বাবে বৈদ্যুতিক স্তৰৰ লুফিংক্ৰেইনৰ সৈতে ব্যৱস্থা আছে। 

টাৰ্মিনেলটোত প্ৰশাসনিক ভৱন, শুল্ক কাৰ্যালয় ভৱন, ইমিগ্ৰেচন কাৰ্যালয়, ট্ৰাকপাৰ্কিং এলেকা, ১১০০ বৰ্গমিটাৰৰ আৱৰাষ্ট' ৰেজ এলেকা আৰু পাৱাৰ বেকআপৰ সৈতে ১১,০০০বৰ্গমিটাৰৰ মুকলি ষ্ট'ৰেজৰ দৰে আন্তঃগাঁথনিমূলক সুবিধাও আছে।

আজিৰ অনুষ্ঠানটোত ভূটানৰ ৰাজকীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী লিয়ংপ' নামগ্যালদৰ্জী, অসম চৰকাৰৰ মন্ত্ৰীসকল- ৰণজিৎ কুমাৰ দাস, বিমল বড়া, যোগেন মহন, বৰপেটা লোক সভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰী,ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিতথাকে।
 
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়,"জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ।

এই যাতায়ত ব্যৱস্থাক উন্নত কৰাৰ বাবে যোগীঘোপাত মাল্টিম'ডেললজিষ্টিক পাৰ্ক স্থাপনৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। লজিষ্টিক খৰচ কমাবৰ নিমিত্তে আটাইতকৈ ব্যয় সাপেক্ষ মাধ্যমটোৱেই হৈছে জলপথ। উদাহৰণস্বৰূপে- যি ১টন সামগ্ৰী ট্ৰাকৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ ২০০টকালাগে, ৰে'লপথৰ জৰিয়তে ১.৫০টকা লাগে, জলপথৰ জৰিয়তে স্থানান্তৰিত কৰিবলৈ মাত্ৰ ৬০পইচাৰ প্ৰয়োজন।

২০২১চনত মোদী চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লক্ষ্যই আছিল এই খৰচ ১৪%-ৰ পৰা ৮%-লৈ হ্ৰাস কৰা। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ২০১৪ চনৰ আগলৈকে অৰ্থনৈতিক ক্ষেত্ৰত যিখন দেশে পৃথিৱীৰ একাদশ স্থানত আছিল, আজি মাত্ৰ ১০বছৰৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ'ল।

মোদী ডাঙৰীয়াই চলিত কাৰ্যকালৰ ভিতৰত ভাৰতক বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত তৃতীয় স্থানলৈ উন্নীত কৰাৰ লক্ষ্য আগত ৰাখিছে। আমাৰ এই যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ সহযোগী হ'ব লাগিব। কাৰণ এতিয়া আৰু পূৰ্বৰ দৰে ৰাজতন্ত্ৰ চলি থকা নাই। এয়া গণতন্ত্ৰৰ অমৃত কাল। নদী হৈছে সভ্যতাৰ জননী। পৃথিৱীৰ বহু ৰাষ্ট্ৰ নদী তথা সমুদ্ৰক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে।

আমিও ব্ৰহ্মপুত্ৰ নদকলৈ গৰ্ব বোধ কৰোঁ। ব্ৰহ্মপুত্ৰ আমাৰ বাবে আপদ নহয়, সম্পদহে। অতদিনে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাক অৱজ্ঞা কৰি অহা হৈছিল বাবে ইয়াৰ উচিত ব্যৱহাৰ কৰা হোৱা নাছিল। যোগীঘোপাৰ মাল্টিম'ডেল লজিষ্টিক পাৰ্কৰ ফলত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ লগত আমাৰ সম্বন্ধ সুদৃঢ় হ'ব।

ব্ৰহ্মপুত্ৰৰ সহায়ত আজি আমি ভাৰত-বাংলাদেশ প্ৰট'কল জলপথেৰে ভাৰতৰ বিভিন্ন উপকূলীয় বন্দৰ তথা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈও যাব পাৰোঁ।  ইয়াৰ বাবে 'ৰাষ্ট্ৰীয় ভেচেল নীতি' প্ৰস্তুত কৰা হৈছে,যাৰ ফলত অনুজ্ঞা পত্ৰৰ বাবে পূৰ্বৰ দৰে প্ৰতিখন ৰাজ্যতে বাধাৰ সন্মুখীন হ'ব নালাগে।

এতিয়া এখন ৰাষ্ট্ৰীয় অনুজ্ঞা পত্ৰৰে দেশৰ সকলোবোৰ জলপথত বাধাহীনভাৱে চলাচল কৰিব পৰা যাব। কেৱল মালবাহী জাহাজেই নহয় যাত্ৰীবাহী জাহাজৰো চলাচল ইয়াৰ জৰিয়তে সুগম কৰা হৈছে। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ- গংগা আৰু ব্ৰহ্মপুত্ৰ সংযোগী এমভিগংগা বিলাস ইয়াৰ এক সফল উদাহৰণ।"

"উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ব্যাপক বিকাশ অব্যাহত আছে। পাণ্ডুত জাহাজ মেৰামতি সুবিধা, বগীবিল টাৰ্মিনেলৰ উন্নয়ন,পাণ্ডুৰ সৈতে যাতায়ত সংযোগ আদি বিভিন্ন প্ৰকল্প বৰ্তমান উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে। উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব। যোগীঘোপাৰ নতুন আই ডব্লিউ টি টাৰ্মিনেলৰ কাৰ্যকৰীকৰণ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।", কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়।

আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা এটা দশকত বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি পৰিলক্ষিত হৈছে। কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭% বৃদ্ধি হৈছে, ৰাষ্ট্ৰীয় জলপথত পৰিচালনা কৰা কাৰ্গ'ৰ পৰিমাণ ৭২৭%  বৃদ্ধি হৈছে, আভ্যন্তৰীণ জলপথৰ বাবে বাজেট আবণ্টন ৮৬০% বৃদ্ধিৰ সৈতে মাল্টিম'ডেলটাৰ্মিনেলত ৬২% অভূতপূৰ্ব বৃদ্ধি হৈছে। নদী ক্ৰুজ জাহাজৰ সংখ্যা ২০১৩-১৪ বৰ্ষত ৩ৰ পৰা ২০২৩-২৪ বৰ্ষত ২৫ লৈ বৃদ্ধি পাইছে।

নদীৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুবিধাৰ্থে গুৱাহাটীত এটা বিশ্বমানৰ নদী ক্ৰুজ টাৰ্মিনেল বিকশিত কৰা হৈছে। ইয়াৰ উপৰি, শিলঘাট, বিশ্বনাথঘাট, নিমাতী আৰু গুঁইজানঘাটত ৪টা নদী ক্ৰুজ টাৰ্মিনেলৰ বিকাশ কৰি থকা হৈছে।

যোগীঘোপা