/asomiyapratidin/media/media_files/2025/03/24/TWKClG388vZ4DTV7WNLM.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ অসমৰ বিত্তীয় ক্ষেত্ৰত আকৌ এক বৃহৎ জালিয়াতিৰ তথা পোহৰলৈ আহিছে। দি ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড নামৰ এটি ৰহস্যজনক বিত্তীয় বেংক প্ৰতিষ্ঠানৰ জৰিয়তে সংঘটিত প্ৰায় ১০০ কোটি টকীয়া বৃহৎ কেলেংকাৰীৰ তথ্য ফাদিল কৰি সংশ্লিষ্ট বেংকটোৰ শ্বেয়াৰহোল্ডাৰ এচ'ছিয়েশ্বনে পোহৰলৈ অনাই নহয়, এই কেলেংকাৰী সংঘটিত কৰা বেংকটোৰ মহানায়ক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে বিভিন্নৰ পক্ষৰ ওচৰত দাখিল কৰিছে অভিযোগ।
আজি পলাশবাৰী সমষ্টিৰ বিজয়নগৰত বেংকটোৰ শ্বেয়াৰহোল্ডাৰ এচ'ছিয়েশ্বনে এখন সভা অনুষ্ঠিত কৰাৰ পিছত উপৰহালীত সন্থাৰ সহ সম্পাদক ফুলেন তালুকদাৰৰ বাসগৃহত সংবাদ মেল সম্বোধন কৰি বিস্ফোৰক তথ্য ফাদিল কৰে। সন্থাৰ সভাপতি গিৰীন বৰা, কাৰ্যকৰী সভাপতি দীনেশ দাস, সহ সম্পাদক ফুলেন তালুকদাৰ, সদস্য চাইফুদ্দিন আহমেদ আৰু ইন্দ্ৰ শৰ্মাই সম্বোধন কৰা এই সংবাদ মেলত দ্যা ইউনিয়ন কো:অপাৰেটিভ বেংকৰ জৰিয়তে সংঘটিত প্ৰায় ১০০ কোটি টকীয়া এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ মহানায়ক হিচাপে পৰিচালন সঞ্চালক ৰাজেন দাস, বেংকটোৰ অধ্যক্ষ অনন্ত গোস্বামী আৰু লক্ষ্য জ্যোতি মহন্ত আদি বাহিনীয়ে ১৪৩৪৩ গৰাকী শ্বেয়াৰ হোল্ডাৰৰ জৰিয়তে সংঘটিত কৰে এই বৃহৎ জালিয়াতি।
উক্ত শ্বেয়াৰহোল্ডাৰৰ পৰা বিগত প্ৰায় ২৫ বছৰ ধৰি সংগৃহীত প্ৰায় ১০০ কোটি টকা তথা বিভিন্ন মূল্যৱান সম্পত্তি বিক্ৰি কৰি এই দুৰ্নীতিৰ মহানায়ক পৰিচালন সঞ্চালক ৰাজেন দাস, বেংকটোৰ অধ্যক্ষ অনন্ত গোস্বামী আৰু লক্ষ্য জ্যোতি মহন্ত , অভিলাশ শৰ্মা বাহিনীয়ে সমবায় সমিতিৰ পঞ্জীয়ন কৰি বেংকৰ নাম লৈ চলাই এই লুণ্ঠন। দি ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেডৰ এই চক্ৰটোৱে গ্ৰাহকক ঠগাই ৰাজহুৱা ধন আত্মাসাৎ কৰি নিজে সাজিছে বিলাসী অট্টালিকা,কিনিছে বিলাসী গাড়ী। সম্প্ৰতি এই ৰাজন দাস, অনন্ত গোস্বামী, লক্ষ্য জ্যোতি মহন্ত, অভিলাশ শৰ্মা হৈ পৰিছে কোটি টকাৰ মালিক। এই চক্ৰটোৱে অসমৰ ১৪ হাজাৰোধিক শ্বেয়াৰ হোল্ডাৰৰ লাখ লাখ টকা ভুৱা ৰছিদৰ জৰিয়তে সংগ্ৰহ কৰি গ্ৰাহক সকলক অন্ধকাৰত ৰাখি চলাই গৈছে এই লুণ্ঠন। উল্লেখ্য যে ৰাজেন্দ্ৰ দাস বিহাৰৰ পৰা আহি থিতাপি লৈছিল কাৰ্বি আংলং জিলাৰ ডিফু চহৰত।
দি ইউনিয়ন কো-অপাৰেটিভ লিমিটেড বেংক শ্বেয়াৰ হোল্ডাৰে অভিযোগ কৰামতে জালিয়াতিৰে বি এ পাছ চাৰ্টিফিকেট লৈ ডিফুত থকা দি ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেডৰ ব্ৰাঞ্চ মেনেজাৰ হিচাপে নিযুক্তি পাইছিল এইজন ৰাজেন্দ্ৰ দাসে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰায়তো হিতেশ্বৰ শইকীয়া আৰু এচকাৰ্ড বেংকৰ চিয়াৰমেন ইমৰান শ্বাহৰ মৃত্যুৰ পিছত বহিৰাগত বিহাৰী মূলৰ এইজন ৰাজেন্দ্ৰ দাসে দি ইউনিয়ন কো-অপাৰেটিভ বেংকত বহু বছৰ কাম কৰি চতুৰালিৰে ৰাজেন্দ্ৰ দাসে গুৱাহাটী জি এছ ৰোডত থকা মুখ্য কাৰ্য্যালয়ত মেনেজিং ডাইৰেক্টৰ হিচাপে দায়িত্বভাৰ লয়।
মুখ্য কাৰ্যালয়ত বহিয়েই অধ্যক্ষ অনন্ত গোস্বামী আৰু দুজনমানক মেনেজ কৰি আৰাম্ভ কৰে বেংকৰ কোটি টকা আত্মসাতৰ ব্লুপ্ৰিন্ট । দি ইউনিয়ন কো-অপাৰেটিভ লিমিটেড বেংকৰ মুখ্য কাৰ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ অনন্ত গোস্বামী আৰু লক্ষ্যজ্যোতি মহন্তক নিজৰ হাতোৰা বনাই দুৰ্নীতিৰ সম্ৰাট ৰাজেন্দ্ৰ দাসৰ বুদ্ধিমতেই ডিফু হাফলং লামডিং শিমলুগুৰি আৰু গোলাঘাটত থকা ব্ৰাঞ্চবোৰ সক্ৰিয় অৱস্থাত ৰাখি মধ্য অসম আৰু নামনি অসমৰ সকলোবোৰ ব্ৰাঞ্চ বন্ধ কৰি দিয়াৰ লগতে বেংক কৰ্মচাৰী আৰু শ্বেয়াৰ হোল্ডাৰ সকলৰ জীৱনলৈ কাল অমানিশাৰ নমাই অনাত লিপ্ত হয় এইজন ৰাজেন্দ্ৰ দাসে। বৰ্তমান সময়ত চাৰিজনীয়া কোম্পানী এটাক লগত ৰাখি সয়ম্ভু এম,ডি ৰাজেন দাসে চলাই গৈছে লুণ্ঠন আৰু লুন্ঠন।
ৰাজেন্দ্ৰ দাসে অসম চৰকাৰৰ সমবায় সমিতি সমূহৰ পঞ্জীয়ক নাৰায়ন কোঁৱৰে এক পত্ৰযোগে বেংক শব্দ ব্যৱহাৰ কৰি কোনো বিত্তীয় কাম কাজ নকৰিবলৈ দিয়া নিৰ্দেশকো অৱজ্ঞা কৰি তথা গুৰুত্ব নিদি নিজৰ ইচ্ছা মতেই কাম কৰি থকা বুলি তথ্য সদৰি কৰে। আনকি পঞ্জীয়ক নাৰায়ন কোঁৱৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈও এই পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে। সেইদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আওকাণ কৰি ৰাজেন্দ্ৰ এন্ড কোম্পানীয়ে চলাই গৈছে দূৰ্ণীতি আৰু লুন্ঠন। বৰ্তমানো লক্ষ্যজ্যোতি মহন্তই নিজেই বেংকৰ চীল মোহৰ ব্যৱহাৰ কৰি তথা নিজে চহী কৰি, বোৰ্ডৰ শ্বেয়াৰ হোল্ডাৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি থকা বুলি সংবাদ মেলত তথ্য দাঙি ধৰে ।
মহন্ত নামৰ এইজন ব্যক্তিয়ে ৰাজেন্দ্ৰ দাসৰ কথামতে শ্বেয়াৰ হোল্ডাৰ আৰু সাংবাদিকক আনৰ হতুৱাই ফোনত প্ৰাণনাশৰো ভয় ভাবুকি দিয়ে বুলি কয়। ইতিমধ্যে গুৱাহাটী উলুবাৰীত থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত দাখিল কৰিছে গোচৰ। সেইদৰে শেহতীয়াকৈ ৩০/১/২০২৫ তাৰিখে ৰাজেন দাস আৰু লক্ষ্য জ্যোতি মহন্তৰ বিৰুদ্ধে এই কেলেংকাৰী সন্দৰ্ভত সন্থাৰ সভাপতি গিৰীন বৰাই পল্টন বজাৰ থানাতো দাখিল কৰিছে আন এক গোচৰ। এই বাহিনীটোৱে বেংক লিমিটেডৰ নামত ক্ৰয় কৰা সোণাৰিৰ কেবাকোটি টকীয়া মাটি আৰু অট্টালিকা গোগনে বিক্ৰী কৰিছে বুলি তেওঁলোকে সংবাদ মেলত জানিবলৈ দিয়ে।
নিজকে সম্ভ্ৰান্ত ঘৰৰ মানুহ আৰু সামাজিক সংগঠনত কাম কৰি অহা নেতা বুলি জহাইফুৰা বিতৰ্কিত অধ্যক্ষ অনন্ত গোস্বামীয়ে এই অভিযোগ ৰাজহুৱা হোৱাৰ পিছত তেওঁ মাত্ৰ ডেৰ বছৰমান আগতেহে দায়িত্ব লোৱা বুলি স্পষ্টিকৰণ দিয়া প্ৰসংগত সংবাদ মেল সম্বোধন কৰা সন্থাৰ সভাপতি গিৰীন বৰা, কাৰ্যকৰী সভাপতি দীনেশ দাস আদিয়ে জানিবলৈ দিয়ে যে অধ্যক্ষ অনন্ত গোস্বামীয়ে বহু বছৰ ধৰি সঞ্চালক হিচাপে থাকি এই দুৰ্নীতি সংঘটিত কৰি বহু কোটি টকাৰ জালিয়াতিত লিপ্ত হৈছিল। সংবাদ মেলত সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দ্বাৰা ক্ষীপ্ৰ তদন্ত কৰিবলৈ আহ্বান জনায়।