মঙলদৈত ড০ ভূপেন হাজৰিকাৰ গীতৰ দুদিনীয়া কৰ্মশালা সম্পন্ন

মঙলদৈত ১২ আৰু ১৩ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব বিশ্ৰুত শিল্পী তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতি আৰু দৰং জিলা সাহিত্য সভাই।

author-image
Asomiya Pratidin
New Update
395

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত ১২ আৰু ১৩ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব বিশ্ৰুত শিল্পী তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতি আৰু দৰং জিলা সাহিত্য সভাই। শনিবাৰৰ পুৱা ১০.৩০ বজাত দৰং জিলা সাহিত্য সভা প্ৰকল্পত এছ আৰ ডি গ্ৰূপৰ জ্যেষ্ঠ সঞ্চালক ৰাজীৱ কুমাৰ ডেকাই উদ্বোধন কৰা কৰ্মশালাৰ পূৰ্বে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উদীয়মান সাংস্কৃতিক সংগঠক, সমাজকৰ্মী হেমন্ত বৰুৱাই।

Advertisment

একেদৰে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী নিপন নাথে । সৰ্বমুঠ ৯০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত শনিবাৰে ড০ ভূপেন হাজৰিকাৰ ঘনিষ্ঠ সহযোগী শিল্পী কমল কটকী আৰু আশা শৰ্মা কটকীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

দুয়োগৰাকী সমল ব্যক্তিয়ে একেৰাহে প্ৰায় ৪ ঘণ্টা ধৰি ড০ হাজৰিকাৰ 'ভৰা বাৰিষাৰে বানে /খহাই নিলে গাঁও/ পাৰতে উচুপি কান্দে/ দুখীয়াৰে ছাওঁ' , 'সেউজীয়া বননিৰ/ বন ব'ৰাগী'/বনে বনে ফুৰিছিলো /বন ঘোষা গাই' আদি কেইবাটাও কালজয়ী গীতৰ বিভিন্ন খুটি নাটিসহ সাৱলীলভাৱে প্ৰশিক্ষণ আগবঢ়ায়। একেদৰে দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা পুনৰ  আৰম্ভ হোৱা এই কৰ্মশালাত কমল কটকী আৰু আশা শৰ্মা কটকীৰ উপৰিও বিশিষ্ট শিল্পী তথা অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ আহ্বায়ক ববিতা শৰ্মায়ো অন্যতম প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি 'মঙলদৈ তোমাৰ নাম/হওঁক মঙ্গল তোমাৰ', অস্ত আকাশৰে/ সপোন ৰহন সানি/ ক্লান্ত লুইতৰে/ হেঙুলীয়া পানী আদি শীৰ্ষক অইন কেইবাটাও কালজয়ী গীতৰ প্ৰশিক্ষণ দিয়াৰ পৰিবেশ বেছ উপভোগ্য হৈ উঠে।

লগতে এই কৰ্মশালাৰ দ্বাৰা নতুন প্ৰজন্মৰ শিশু,কিশোৰ-কিশোৰী , যুৱক-  যুৱতী এই কৰ্মশালাৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰে । দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে  শনিবাৰে  উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ বিপৰীতে দেওবাৰে দ্বিতীয় দিন তথা সামৰণি অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথে।

সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয়- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাক মুহূৰ্তত মহান শিল্পী গৰাকীৰ অমৰ আৰু কালজয়ী গীতৰ কৰ্মশালাৰ আয়োজন কৰি আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পীগৰাকীৰ প্ৰতি সন্মান জনোৱাৰ লগতে তেওঁ জাতিটোৰ প্ৰতি কৰা ত্যাগ আৰু শ্ৰমৰ সামান্যতম হ'লেও এয়া স্বীকৃতি হিচাপে বিবেচিত হ'ব। তেওঁ এয়া আৰম্ভণিহে তেওঁৰ গীতৰ প্ৰশিক্ষণ, প্ৰচাৰ , প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আমাৰ কৰণীয় বহুত আছে বুলি উল্লেখ কৰে।

অনুষ্ঠানত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ নগৰ আৰু গাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ সদস্য শেৱালী গোস্বামী কলিতা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱা, দৰং জিলা সাহিত্য প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য চহিৰ ভূঞা, বৰ্তমানৰ উপসভাপতি কুঞ্জ দেৱী,মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, আঞ্চলিক কাৰ্যালয়ৰ অৱৰক্ষণ সমিতিৰ সদস্য ভূপেন শৰ্মা, ৰামধেনু উপ সমিতিৰ আহ্বায়ক ৰাজীৱ দে, ৰাজ্যভাষা মাতৃভাষা উপসমিতিৰ আহ্বায়ক ৰাণা আলম, সাংস্কৃতিক উপসমিতিৰ উপসভাপতি হীৰণ্ময়ী বৰা , মঙ্গলচণ্ডী ব্ৰহ্ম ভাষা-গৱেষণা কেন্দ্ৰ, ওদালগুৰি ৰ তত্ত্বাৱধায়ক অখিল কলিতা, সংবাদ সাহিত্য উপ সমিতিৰ সহযোগী আহ্বায়ক প্ৰবীণ বৰুৱা উপস্থিত থাকে।

তাৰোপৰি সাংস্কৃতিক উপসমিতিৰ সহযোগী আহ্বায়ক ছৈয়দ আবু মতলিব,সদস্যা জ্যোতি মালাকৰ কাকতি প্ৰমুখ্যে আন বহু বিষয়ববীয়া সদস্যই অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত ববিতা শৰ্মা, আশা শৰ্মা কটকী আৰু জ্যোতি মালাকৰ কাকতিয়ে ড০ ভূপেন হাজৰিকাৰ একোটি কালজয়ী গীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰে।  

স্থানীয় বাদ্য শিল্পী দেৱ কুমাৰ নাথে দুয়ো দিনৰ কৰ্মশালাত নীৰৱে তবলা সঙ্গত কৰি সকলোকে আপ্লুত কৰে। দ্বিতীয় দিনৰ কৰ্মশালাত বাদ্য শিল্পী ৰঞ্জন দাসেও অংশগ্ৰহণ কৰে।

কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অসম সাহিত্য সভা আৰু দৰং জিলা সাহিত্য সভাৰ তৰফৰপৰা প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সদৌটিলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশী, সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি পংকজ শৰ্মা, উপ-সভাপতি তাৰিণী বৰা, ৰাজীৱ বৰা,আহ্বায়ক কুমুদ চন্দ্ৰ দাস,  সহযোগী আহ্বায়ক ধীৰাজ কলিতা,হৰি হৰ্ষিত, জিতুমণি কলিতা , বিপুল ডেকা প্ৰমুখ্যে সাংস্কৃতিক উপ সমিতিৰ বিষয়ববীয়াসকলে।

mangaldai