ট্রাক চালকে অৱৰোধ কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

দেওবাৰে লামডিং - হাফলং সংযোগী ২৭ নং ঘাইপথচোৱাত অনির্দিষ্ট কালৰ বাবে পথ অৱৰোধ কৰিলে ট্রাক চালকসকলে। প্ৰচণ্ড গৰমত শতাধিক বাণিজ্যিক ট্ৰাক সমূহ আৱদ্ধ হৈ থকাত জীয়াতু ভুগিবলগীয়া হৈছে চালকে।

author-image
Asomiya Pratidin
New Update
hghhgh

ডিজিটেল সংবাদ, লামডিংঃ বৰাক অভিমুখে ৰাওনা হোৱা শতাধিক বাণিজ্যিক ট্রাক বিগত কিছুদিন ধৰি আবদ্ধ হৈ পৰিছে লামডিং-হাফলং ৰাষ্ট্ৰীয় ঘাইপথত। ডিমা হাছাও জিলাৰ জাতিংগা লাম্পোৰ ভূমিস্খলনৰ ফলত যাতায়ত সেৱা বন্ধ হৈ পৰাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বহি:ৰাজ্যৰ চালকসকলৰ। ডিমা হাছাও জিলাত বিগত বহু দিন ধৰি ৰে'ল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ যোগাযোগ সম্পূর্ণ ৰূপে বিচ্ছিন্ন হয় যদিও দেওবাৰৰ পৰা এখন বিশেষ ৰে'ল আৰম্ভ হোৱাৰ লগতে সোমবাৰৰ পৰা কেইবাখনো যাত্ৰীবাহী ৰে'ল চলাচল হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৰে'ল বিভাগ। কিন্তু ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰে বাহনসমূহৰ যাতায়ত কেতিয়া সম্ভব হ'ব সেই বিষয়ে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে। 

Advertisment

তাৰ মাজতে দেওবাৰে লামডিং - হাফলং সংযোগী ২৭ নং ঘাইপথচোৱাত অনির্দিষ্ট কালৰ বাবে পথ অৱৰোধ কৰিলে ট্রাক চালকসকলে। প্ৰচণ্ড গৰমত শতাধিক বাণিজ্যিক ট্ৰাক সমূহ আৱদ্ধ হৈ থকাত জীয়াতু ভুগিবলগীয়া হৈছে চালকে। আনফালে লামডিঙৰ সচেতন নাগৰিকৰ পৰা আৰম্ভ কৰি দল সংগঠন তথা স্বেচ্ছাসেৱী সংগঠনে খাদ্য-পানী যোগান ধৰি এই বিপদৰ সময় চোৱাত তেওঁলোকৰ লগত থিয় হোৱা পৰিলক্ষিত হৈছে।

লামডিং