স্বাধীনতাৰ অমৃত মহোৎসৱৰ তিক্ততাঃ ডেৰ মাহে উৰি থাকিল ত্ৰিৰংগা...

author-image
Asomiya Pratidin
New Update
স্বাধীনতাৰ অমৃত মহোৎসৱৰ তিক্ততাঃ ডেৰ মাহে উৰি থাকিল ত্ৰিৰংগা...

kamrup

ডিজিটেল সংবাদ দুমুনিচকীঃ যোৱা আগষ্ট মাহতেই উত্তোলন কৰা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা সুদীৰ্ঘ ডেৰ মাহ পাৰ হৈ যোৱাৰ পিছত যোৱা নিশা নমোৱা এক আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই তিক্ততাপুৰ্ণ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰমুলাত।

Advertisment

বিষয় সন্দৰ্ভত জানিব পৰা মতে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰমুলাস্থিত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত উক্ত পতাকাখন বিগত আগষ্ট মাহৰ পৰা একে স্থানতে থাকে। সম্প্ৰতি ভূত বঙলাত পৰিণত হোৱা উক্ত কাৰ্যালয়ত কৰ্মৰত বুলি দেখুৱাই কেইবাজনো কৰ্মচাৰীয়ে বিভাগীয় ভাবে মোটা অংকৰ দৰমহা লাভ কৰি থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা শাসকীয় চৰকাৰে ভাৰতৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন নিজ নিজ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়ত সম্পূৰ্ণ শ্ৰদ্ধা তথা নীতি-নিয়মেৰে তিনি দিনিয়াকৈ উত্তোলন কৰাৰ আহ্বান জনাযইছিল। ইয়াৰ উপৰিও এই সন্দৰ্ভত সৰ্ব সাধাৰণ লোকৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে প্ৰতিটো পৰিয়ালে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী ফলভাৱে ৰূপায়ন কৰাৰ বাবে ৰাজ্যখনত গাঁৱে গাঁৱে চৰকাৰৰ পৃষ্ঠপোষকটাত প্ৰচাৰ অভিযান চলোৱা হৈছিল।

সেই মৰ্মে ১৫ আগষ্ট লৈকে তিনি দিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হয়। উক্ত কাৰ্যত সহযোগ কৰি কামৰূপ জিলাৰ বৰমুলাস্থিত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়তো এখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কিন্তু পতাকা উত্তোলন কৰিয়েই দায়িত্ব সামৰিলে কাৰ্যালয়ৰ কৰ্মচাৰীলকলে।

যাৰ ফলত তিনি দিনিয়াকৈ উত্তোলন কৰিবলগীয়া দেশৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন বিগত ডেৰ মাহ ধৰি দিনে নিশাই একেটা স্থানত থাকিবলগীয়া হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ বৰমুলাৰ এটা বিভাগীয় কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাখন চৰম ভাৱে অৱহেলিত হ'বলগীয়া হয়।

বিষয়টোৰ সন্দৰ্ভত অবগত হৈ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াই নিশা পতাকাখন নমোৱাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সোৱাদ এনেদৰে একাংশ লোকৰ কৰ্ম কাণ্ডত তিক্ত হৈ পৰিছে। স্থানীয় লোকে বিষয়টোৰ সন্দৰ্ভত এক দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

kamrup