/asomiyapratidin/media/media_files/2025/06/30/275-2025-06-30-10-10-44.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ নৱম ত্ৰি বাৰ্ষিক আঞ্চলিক অধিবেশন আৰু সম্বৰ্ধনা অনুষ্ঠান শনি আৰু দেওবাৰে দুদিনীয়াকৈ জামুগুৰিহাটৰ ইটাখোলাৰ গেলাহাটিঙা চাহবাগিচাত অনুষ্ঠিত হৈ যায়। আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গেলাহাটিঙা বীৰ বীৰছা মুণ্ডা ৰংগমঞ্চত আয়োজিত অধিবেশনত শনিবাৰে প্ৰতিনিধি সভা আৰু জনী শক্তি গঠন কৰাা লগতে বিভিন্ন দিশত আলোচনা কৰা হয়।
দ্বিতীয় দিনা দেওবাৰে পুৱাই পতকা উত্তোলন কৰে আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সমিতিৰ ভূমি পৰিচালনাৰ সম্পাদক অনন্ত কুজুৰে। ইয়াৰ পিছত আদিবাসী ছাত্ৰ সন্থাৰ লগতে ৰাইজে প্ৰতিবাদ জনাই নদুৱাৰৰ উত্তৰ অঞ্চলটোত বাইক ৰেলীৰ জৰিয়তে চৰকাৰক আদিবাসীসকলৰ সমস্যাৰ বিষয়ে শ্লোগান দিয়ে ।
তাৰ পিছতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনায় । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমৰজিৎ কেৰ্কেটা , আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় খেল সম্পাদক ইছাক লাকৰাৰ লগতে গণ্য মাণ্য ব্যক্তিসকলে।
অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে নদুৱাৰ আঞ্চলিকৰ সভাপতি দানিয়েল কৰাড আৰু সম্পাদক নিপেন ওৰাঙে সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷