এ পি ডি চি এলৰ কলিয়াবৰস্থিত প্ৰবন্ধকৰ কাৰ্যালয়ত ট্ৰেঞ্চফৰ্মাৰ কেলেংকাৰী...

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ কলিয়াবৰস্থিত প্ৰৱন্ধকৰ কাৰ্যালয়ত সংঘটিত হৈছে  বৃহৎ ট্ৰেঞ্চফৰ্মাৰ সংযোগ কেলেংকাৰী। কেলেংকাৰীৰ ক্ষেত্ৰভিত্তিক তদন্ত কৰিবলৈ বুধবাৰে উপস্থিত হ'ল তদন্তকাৰী দল।

author-image
Asomiya Pratidin
New Update
ট্ৰেঞ্চফৰ্মাৰ কেলেংকাৰী

ডিজিটেল সংবাদ, কলিয়াবৰ : অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ কলিয়াবৰস্থিত প্ৰৱন্ধকৰ কাৰ্যালয়ত সংঘটিত হৈছে  বৃহৎ ট্ৰেঞ্চফৰ্মাৰ সংযোগ কেলেংকাৰী। কেলেংকাৰীৰ ক্ষেত্ৰভিত্তিক তদন্ত কৰিবলৈ বুধবাৰে উপস্থিত হ'ল তদন্তকাৰী দল।

উল্লেখ্য যে, বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ স্থাপনৰ নামত দীৰ্ঘদিন ধৰি সংশ্লিষ্ট কাৰ্যালয়টোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে সংঘটিত কৰি আহিছে বিয়োগোম কেলেংকাৰী। কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে তাপস শইকীয়া নামৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ।

লগতে নাম সাঙোৰ খাইছে ভড়ালী উপাধিৰ এগৰাকী ঠিকাদাৰৰ নাম। আৰ ডি এছ এছ,এইচ ভি ডি এছৰ লগতে স্থানীয় বিধায়ক আঁচনিৰ জড়িয়তে কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ প্ৰৱন্ধকৰ কাৰ্যালয়ে লাভ কৰা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ স্থাপনৰ নামত দীৰ্ঘদিন ধৰি কেলেংকাৰী সংঘটিত হৈ আহিছে কলিয়াবৰত।

এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে চলিত বৰ্ষৰ মাৰ্চ মাহত বালিবাটৰ এটা ইটাভাটা উদ্যোগত নীতি বহিঃৰ্ভূতভাৱে স্থাপন কৰা এটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰৰ প্ৰসংগত। কোনো ধৰণৰ বিভাগীয় অনুমতি অথবা বিভাগীয় পৰিদৰ্শন অথবা অনুমোদিত প্ৰাক-কলন প্ৰস্তুত নকৰাকৈ তাপস শইকীয়া নামৰ কনিষ্ঠ অভিযন্তাগৰাকীয়ে নীতি বহিঃভূৰ্তভাৱে ইটাভাটা মালিকৰ পৰা ধন লৈ প্ৰাৰ্থ প্ৰতীম ভড়ালী নামৰ স্থানীয় বিভাগীয় ঠিকাদাৰগৰাকীৰ জৰিয়তে বালিবাটত স্থাপন কৰিছিল বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটি।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে,কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ তদানীন্তন উপ-সংমণ্ডল অভিযন্তা বিৰিঞ্চি হাজৰিকাই অৱসৰ লোৱাৰ পিছতে স্থায়ী  উপ-সংমণ্ডল অভিযন্তা নিযুক্তি নোহোৱাত বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত একপ্ৰকাৰ অৰাজক পৰিবেশে বিৰাজ কৰি আছিল। কাৰ্যালয়টোৰ পংকিম কলিতা নামৰ এগৰাকী বিষয়াই  উপ-সংমণ্ডল অভিযন্তাৰ অস্থায়ী দায়িত্বত থকাৰ সময়তে সংঘটিত হৈছিল এই ট্ৰেঞ্চফৰ্মাৰ কেলেংকাৰী কাণ্ড।

চলিত বৰ্ষৰ ১৯ মাৰ্চত নৱ-নিযুক্ত উপ-সংমণ্ডল অভিযন্তা গৌতম শৰ্মাই কাৰ্যালয়ত যোগদান কৰি দায়িত্ব লোৱাৰ পিছতে নীতি বহিঃভূৰ্তভাৱে বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ স্থাপন কৰা তথ্য লাভ কৰে বিষয়া গৰাকীয়ে। কাৰ্যালয়ত যাৱতীয় নথি -পত্ৰ মজুত নথকাকৈ শীৰ্ষ মহলৰ বিনা অনুমতিত চাৰ্জ কৰা হৈছিল ট্ৰেঞ্চফৰ্মাৰটো।

বিভাগীয় সকলো নীতি -নিয়ম জলাঞ্জলি দি কনিষ্ঠ অভিযন্তা তাপস শইকীয়াই গোপন বুজাবুজিৰৰে ঠিকাদাৰ পাৰ্থ প্ৰতিম ভড়ালীৰ জৰিয়তে স্থাপন পৰা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটোৰ ২৬ মাৰ্চ ২০২৫ তাৰিখে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে নৱ নিযুক্ত উপ-সংমণ্ডল অভিযন্তা গৌতম শৰ্মাই। ইতিমধ্যে বিষয়টো উৰ্ধতন কতৃপক্ষৰ দৃষ্টি গোচৰ হোৱাত বিভাগীয় তদন্ত আৰম্ভ কৰিছে বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।

বুধবাৰে অসম শক্তি বিতৰণ কোম্পানীৰ নগাঁও বৈদ্যুতিক চক্ৰৰ এ জি এম পৰ্যায়ৰ তিনিগৰাকী শীৰ্ষ বিষয়াই ট্ৰেঞ্চফৰ্মাৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ বালিবাটৰ স্বৰস্বতী ব্ৰিকচ ইণ্ডাষ্ট্ৰীত উপস্থিত হৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান চলায়। অসম চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ লিমিটেড কোম্পানী অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়া -কৰ্মচাৰীৰ বাবে বিভাগটোৱে বছৰি বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈ আহিছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

কলিয়াবৰ