ধেমাজিত প'ছকো আইনৰ অধীনত তিনিজনক সশ্ৰম কাৰাদণ্ড...

ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দিলে গুৰুত্বপূৰ্ণ ৰায়দান৷ আদালতে আজি ধৰ্ষণৰ তিনিটা গোচৰত তিনিজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে ৷ 

author-image
Asomiya Pratidin
New Update
৩ অভিযুক্ত

৩ অভিযুক্ত

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দিলে গুৰুত্বপূৰ্ণ ৰায়দান৷ আদালতে আজি ধৰ্ষণৰ তিনিটা গোচৰত তিনিজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে ৷ 

Advertisment

উল্লেখযোগ্য যে ধৰ্ষণৰ গোচৰত অভিযুক্ত নিৰন চুতীয়াক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৫০হেজাৰ টকাৰ জৰিমনা বিহে। তাৰোপৰি জৰিমনা অনাদায়ে ৩বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷ 

আনহাতে ২০২১ চনত ৰুজু হোৱা আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত আনন্দ দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ ইয়াৰ উপৰি আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত দীপাংকৰ গোঁহাইক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়ৰ লগতে ৩০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনাৰ অন্যথাই ২বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷

dhemaji