Advertisment

ননৈত তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ আয়োজন…

১০,১১ আৰু ১২ জানুৱাৰীত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলাপথাৰৰ মাধৱ কন্দলী ক্ষেত্ৰত আয়োজন কৰা গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ প্ৰস্তুতি তুংগত উঠিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ ননৈৰ মাধৱ কন্দলী ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰিছে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ। ১০,১১ আৰু ১২ জানুৱাৰীত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলাপথাৰৰ মাধৱ কন্দলী ক্ষেত্ৰত আয়োজন কৰা গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ প্ৰস্তুতি তুংগত উঠিছে।

Advertisment

বৃহত্তৰ অঞ্চলটোত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা। গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা উদযাপন সমিতিৰ সভাপতি ড° বসন্ত বৰা, কাৰ্যকৰী সভাপতি কুমাৰ বিভূতি আৰু যুটীয়া সম্পাদক ক্ৰমে বিৰিঞ্চি বৰা আৰু হাদিউজ জামানে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে এই গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ উন্মোচনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা দুই ৰজাক চাবলৈ অঞ্চলটোৰ ৰাইজ উৎকণ্ঠিত হৈ পৰিছে।

কাৰ্যসূচী অনুসৰি ১০ জানুৱাৰীৰ পুৱা গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পাছতেই দিনৰ ১০ বজাত গোভা ৰজাৰ দ্বাৰা গ্ৰন্থ উৎসৱৰ দ্বাৰ উন্মোচন কৰা হ'ব। ইয়াৰ পাছ আৰম্ভ হ'ব লগা ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ উদ্বোধনী সভাত উপস্থিত থাকিব ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বোচ্চ গ্ৰন্থ ৰচনাৰে একক আৰু অদ্বিতীয় স্থানত অধিস্থিত কিতাপৰ ৰজা খ্যাত বিশিষ্ট লেখক, ঔপন্যাসিক ৰঞ্জু হাজৰিকা।

উদ্বোধনী সভাত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ সমান্তৰালকৈ আন কেইবাগৰাকীও গণ্য মান্য ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। দিনৰ ১.৩০ বজাত মুকলি কুইজ আৰু আবেলি চাৰি বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

১১ জানুৱাৰীৰ পুৱা ৯ বজাত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত হ'ব। দিনৰ ১০ বজাত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত আয়োজন কৰা হ কবিমেল। ইয়াৰ পাছতেই আৰম্ভ হ'ব ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ এক ব্যতিক্ৰমী অনুষ্ঠান নৈপৰীয়া যুৱ সংসদ। ইয়াত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব নগাঁও জিলা বন সংমণ্ডল বিষয়া সুভাষ কদম, বিশিষ্ট চিকিৎসক ডা° জে আহমেদ, ডা° গুলজাৰ হুছেইন, বিশিষ্ট লেখিকা ভৱানী পেগু, সীতাজখলা দুগ্ধ উন্নয়ন সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জিৱ শৰ্মা, বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰা, গৌতম ডেকা, ভাৰত বৰা, উৎপল বনিয়া আৰু ইউটিউবাৰ ভূষণ পাঠক।

দিনৰ এক বজাত অনুষ্ঠিত হ'ব এক বিশেষ সত্ৰ। ইয়াত উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‌ইকীয়া। দিনৰ দুই বজাত অনুষ্ঠিত হ'বলগীয়া বিশেষ বক্তৃতা অনুষ্ঠানত উপস্থিত থাকিব  ° হীৰেন গোহাঁই। বিয়লি তিনি বজাৰ পৰা যুৱ প্ৰজন্মৰ জনপ্ৰিয় লেখক কৌশিক নন্দন বৰুৱাৰ সৈতে এক নিৰিবিলি আবেলি অনুষ্ঠিত হ'ব। বিয়লি ৪.৩০ বজাৰ পৰা নৈৰ বুকুত গধূলি , গধূলিৰ বুকুত চঞ্চলা ননৈ শীৰ্ষক সূৰ্য দাস সোঁৱৰণী সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব।

১২ জানুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ'ব শিশুৰ দিন। শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি সেইদিনা অংশগ্ৰহণমূলক চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত হ'ব। বিয়লি দুই বজাত ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামে। ইয়াৰ পাছতেই আৰম্ভ হ'ব লেখক পাঠকৰ আলাপ। বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিং আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ চাহিন জাফ্ৰিৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই কাৰ্যসূচীত বিশিষ্ট কবি নীলিম কুমাৰ আৰু বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঞি উপস্থিত থাকিব।

আবেলি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব ঢৌৱে ঢৌৱে নৈয়ে কিনো কথা কয় শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান। সন্ধিয়া ৭ বজাত বিশিষ্ট নাট্যকাৰ, অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত অনুষ্ঠিত হ'ব কালজয়ী নাটক চিৰাজ। তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাক লৈ এতিয়া ননৈত উখল মাখল পৰিবেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে এই উৎসৱত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব থলুৱা কৃষিজাত সামগ্ৰীৰ এক বজাৰ। মাজত মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত আগ্ৰহী কোনোবা প্ৰতিষ্ঠানে থলুৱা কৃষিজাত সামগ্ৰীৰ বজাৰত ষ্টল লব খুজিলে ৯৪০১৭২৩৯৬৬, ৯৪৩৫০৬৮৮১৭,৮১৩৪৯৭৬১৭২,৮৬৩৮০৫১৫৬০ নম্বৰত উদযাপন সমিতিৰ লগত যোগাযোগ কৰিব পাৰিব। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ বৰ্ণাঢ্য কাৰ্যসূচীত জিলাখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

গ্ৰন্থমেলা