ধেমাজি জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
63

ডিজিটেল সংবাদ, ধেমাজি : সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । পুৱা ৭ বজাত মৌচুমী গগৈ আৰু জ্যোতিমা পাইতৰ পৰিচালনাত পৰিবেশ নিকাকৰণৰ পিছতে গছপুলি ৰোপন কৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চাৰু চন্দ্ৰ দলে ।

আদৰণী সমিতিৰ সম্পাদক বিজয় বিশ্বকৰ্মাৰ ব্যৱস্থাপনা আৰু জিলা সম্পাদক লক্ষীপ্ৰভা কাটনিৰ পৰিচালনাত সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি দেৱ খনিকৰে । সামান্তৰালভাৱে ২৩খন বিদ্যালয়ৰ ২৩ খন পতাকা উত্তোলন কৰে নিৰ্দিষ্ট বিদ্যালয়ৰ প্ৰতিনিনিয়ে ।  পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক লক্ষীপ্ৰভা কাটনিয়ে । 

পুৱা কুইন হাতীবৰুৱা আৰু মহিম বৰুৱাৰ তত্বাৱধানত শতাধিক প্ৰতিনিধিয়ে পঞ্জীয়ণ কৰে । ১০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোচেফ বসুমতাৰীয়ে আৰু সঞ্চালনা কৰে জিলা সভাপতি দেৱ খনিকৰে । সভাত পৰৱৰ্তী দুবছৰৰ বাবে দেৱ খনিকৰক সভাপতি আৰু সত্যব্ৰত গগৈক সম্পাদক হিচাপে লৈ এখনি জিলা সমিতি গঠন কৰা হয় ।
 

দুপৰীয়া অনুষ্ঠিত মুকলি সভাখন আঁত ধৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী আকাশ বন্তুি গগৈ আৰু চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিখিল ৰঞ্জন বৰঠাকুৰে । চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত পেগুৱে ।  

সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উপাধ্যায়ে। সভাপতিত্ব কৰে জিলা সভাপতি দেৱ খনিকৰে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নতুন শিক্ষা নীতিয়ে অসমৰ শিক্ষা জগতলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি কয়।  

জিলা মুখপত্ৰ উন্মোচন কৰে গোগামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াই । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চিমেনমুখ জনজাতি উচ্চতৰ মিধ্যমিক বিদ্যালয়ৰ আধ্যক্ষ বিভিষণ কুলি আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱজ্যোতি কছাৰীয়ে । 

সভাখনত বহু সংখ্যক কৃতী শিক্ষক আৰু অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা গীত-নৃত্যৰে সভাখন জীপাল কৰি তোলে । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় আদৰণী সমিতিৰ সম্পাদক বিজয় বিশ্বকৰ্মাই। 

ডাঃ ৰণোজ পেগু ধেমাজি