/asomiyapratidin/media/media_files/2025/06/18/186-2025-06-18-19-26-34.jpg)
চোৰৰ চাফাই অভিযান
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বেবেজীয়া আৰক্ষী চকীৰ এলেকাধীন দক্ষিণপাটৰ প্ৰাচীন ও ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী যাদৱৰায় দক্ষিণপাট কছাৰী সত্ৰত মঙলবাৰে নিশা চোৰে চাফাই অভিযান চলায়। চোৰৰ দলে ঐতিহ্যমণ্ডিত সত্ৰখনৰ উপাসনা গৃহৰ খিৰকীৰ তলা ভাঙি লুটপাত চলায়।
চোৰৰ দলে সোণৰ মুকুট, সোণ - ৰূপৰ অলংকাৰ, নগদ ধন আৰু বহু মূল্যবান সম্পদ লুট কৰি নিয়ে। তদুপৰি চোৰৰ দলে সত্ৰৰ গেটৰ ওচৰত থকা দানপাত্ৰৰ তলা ভাঙি ধন লুট কৰাৰ লগতে সত্ৰৰ ভিতৰত থকা দানপাত্ৰ লৈ উধাও হয়।
বুধবাৰে পুৱা সত্ৰৰ পূজাৰী তোষেশ্বৰ দেৱ শৰ্মাই ধৰ্মীয় কাম-কাজ কৰিবলৈ যোৱাৰ সময়ত চুৰিকাৰ্য পোহৰলৈ আহে । সত্ৰত চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
চুৰিকাৰ্য সংঘটিত হোৱাৰ লগে লগে সত্ৰত অঞ্চলৰ লোকসকল উপস্থিত হৈ চুৰিকাৰ্যৰ লগত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়। ঘটনা সন্দৰ্ভত স্থানীয় লোকে বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।