হাজোৰ গেৰুৱাত চুৰিকাণ্ড

হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া নিশা হ'লেই চোৰৰ টিঘিল ঘিলনি। গেৰুৱাত অৱস্থিত মা মনসা নামৰ গহনালয়খনৰ টিন পাত কাটি চোৰে কৰিলে চুৰিকাণ্ড।

author-image
Asomiya Pratidin
New Update
1212342345

ডিজিটেল সংবাদ, হাজো : হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া নিশা হ'লেই চোৰৰ টিঘিল ঘিলনি। গেৰুৱাত অৱস্থিত মা মনসা নামৰ গহনালয়খনৰ টিন পাত কাটি চোৰে কৰিলে চুৰিকাণ্ড।

জানিব পৰা মতে, প্ৰায় চাৰি লাখ টকাৰ সোণ-ৰূপৰ অলঙ্কাৰ লুটি নিয়ে চোৰে। আলমিৰা আৰু লকাৰ ভাঙি চোৰে উলিয়াই নিয়ে সোণ-ৰূপৰ আ-অলঙ্কাৰ।

সম্প্ৰতি ঘটনা সন্দৰ্ভত গহনালয়ৰ স্বত্বাধিকাৰী ৰতন পালে হাজো থানাত দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে হাজো আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

হাজো