/asomiyapratidin/media/media_files/2025/01/16/MEeWKVBbBUm69hvO6tlA.jpg)
jamugurihat
ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ খনামুখ ৰঙাজানত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে 'ৰহমান হাৰ্ডৱেৰ ' নামৰ দোকানখনৰ পৰা দুৰ্বৃত্তই দিনতে লুটি নিলে ৭৪ হাজাৰ টকা ।
এখন ২২০ পালচাৰ বাইকত অহা দুজন দূৰ্বৃত্তই হেলমেট পৰিধান কৰি দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি কোনো নথকাৰ সুযোগ লৈ দোকানখনৰ কেচ কাউন্টৰৰ পৰা টকাখিনি লৈ উধাও হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে সমগ্ৰ ঘটনা চিচি টিভিত বন্দী হৈ পৰিছে ।
আনহাতে এই চুৰিৰ ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰীয়ে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ কৰিছে । চি চি টিভিৰ ভিডিঅ' ফুটেজৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীয়ে চোৰৰ সন্ধান অভিযান আৰম্ভ কৰিছে ।