/asomiyapratidin/media/media_files/2025/05/15/Fxwj067MzJmySGgkH6cy.jpg)
মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহত চুৰিকাণ্ড
ডিজিটেল ডেস্ক : সম্প্ৰতি গুৱাহাটী মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। কেৱল নিশা বুলিয়েই নহয়, দিন- দুপৰতেও চোৰে লুটি নিছে বহু মূল্যৱান সা- সামগ্ৰীৰ উপৰি টকা- পইছা।
এনে সময়তে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত হৈছে আন এক চুৰিকাণ্ড। এইবাৰ কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৰুক্মিণীগাঁওস্থিত নিৰ্মাণৰত বাসগৃহত সোমাল চোৰ। মন্ত্ৰীগৰাকীৰ বাসগৃহত চোৰে নিলে প্ৰায় ৫ লাখ টকাৰ নিৰ্মাণ আৰু বৈদ্যুতিক সামগ্ৰী।
ইতিমধ্যে ঘটনা সন্দৰ্ভত দিশপুৰ আৰক্ষীক অৱগত কৰিছে মাৰ্ঘেৰিটাৰ পত্নী গায়ত্ৰী মহন্তই। বিদেশ ভ্ৰমণত ব্যস্ত থকা আৰু পত্নী- পুত্ৰ দিল্লীত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে সংঘটিত কৰে এই কাণ্ড। ইতিমধ্যে মন্ত্ৰীগৰাকীৰ বাসগৃহত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।