/asomiyapratidin/media/media_files/2025/07/23/teacher-2025-07-23-21-23-21.jpg)
ডিজিটেল ডেস্ক : দেশত সংঘটিত হৈছে আন এক হৃদয়বিদাৰক ঘটনা। দুই বা তিনি মহলীয়া নহয়, একেবাৰে ১৪ মহলীয়া অট্টলিকাৰ পৰা জাঁপ দিলে এগৰাকী শিক্ষকে। যাৰ ফলত বহু পৰিমাণে আঘাতপ্ৰাপ্ত হয় শিক্ষকগৰাকী।
অৱশ্যে ঘটনাৰ পাছতে তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও কিছু সময় পাছতে তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ দক্ষিণ বোপালৰ মেৰিগ’ল্ড ফ্লেটত সংঘটিত এই ঘটনাত নিহত লোক জনৰ নাম হৈছে- অমিত সিং। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৭ বছৰ।
ইতিমধ্যে ফ্লেটটোৰ আন আবাসীসকলে ঘটনা সম্পৰ্কত স্থানীয় আৰক্ষীক অৱগত কৰিছে। সেই অনুসাৰে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কাৰ্য আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনা সম্পৰ্কত একাংশ আবাসীৰ ভাষ্য অনুসৰি, তেওঁ উক্ত ফ্লেটটোত বিগত ১০ বছৰ ধৰি বাস কৰি আছিল। আজিৰ পৰা প্ৰায় ২ মাহ আগৰে পৰা শিক্ষক অমিত সিং মানসিকভাৱে কিছু চিন্তিত হৈও আছিল। তাৰোপৰি চুবুৰীয়া আবাসীসকলৰ লগতো ভালকৈ মাত-বোল কৰা নাছিল।