/asomiyapratidin/media/media_files/2025/06/04/0VSUCAchSoe9Sdeqg2sh.jpg)
ডিজিটেল সংবাদ, বৰপেটা : বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলি আহমেদক নিলম্বন কৰা হৈছে। চুৰিকাণ্ডৰ তদন্তৰ গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে মাজদিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক।
উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কুকাৰপাৰ গাঁৱৰ ছবুৰউদ্দীন আহমেদ নামৰ চিকিৎসকজনৰ নিজ বাসগৃহৰ পৰা কোনো নথকাৰ সুযোগ বুজি নগদ প্ৰায় ২ কোটি টকা আৰু মূল্যৱান সা-সৰঞ্জাম চোৰৰ দলে লুটি নিছিল কিছুদিন পূৰ্বে। ঘটনা সন্দৰ্ভত চিকিৎসক ছবুৰউদ্দীন আহমেদে ১০মে'ত মাজদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
কিন্তু অভিযোগ অনুসৰি এই চুৰিকাণ্ডৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীয়ে নিজ কৰ্মত গাফিলতি কৰিছিল। যাৰ বাবে তেওঁক নিলম্বন কৰা হয় বুলি জানিব পৰা গৈছে। সচেতন মহলত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, কিয় তেওঁ তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰিছিল। অৱশ্যে সেয়া সময়ত পোহৰলৈ আহিব বুলি বাট চাই আছে সচেতন লোকসকলে।