মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ তত্বাৱধানত "মিডিয়া এছ’চিয়েছন, অসম"ৰ জন্ম

বৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতিজনগোষ্ঠী আৰু সকলো ভাষাভাষীৰ মাজত একতাৰ এনাজৰী কটকটীয়া কৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে এই সংগঠনে কাম কৰিব ৷

author-image
Asomiya Pratidin
New Update
ad

ডিজিটেল সংবাদ, গুৱাহাটী:  অসমৰ সংবাদ জগতত অন্তৰ্ভুক্ত হ’ল নতুন এক শক্তিশালী সংগঠন- "মিডিয়া এছ’চিয়েছন, অসম" ৷ আজি অসমীয়া নতুন বছৰ ১৯৪৭ শকৰ প্ৰথম ব’হাগত জন্ম লাভ কৰা এই সংগঠনটোৰ মুখ্য উপদেষ্টা তথা তত্বাৱধায়ক হিচাপে আছে মহীৰূহ সাংবাদিক, সাহিত্যিক তথা বুদ্ধিজীৱী কনকসেন ডেকা ৷

Advertisment

অসমৰ সকলো সৰুবৰ সাংবাদিক, বুদ্ধিজীৱী, চিন্তাবিদ, স্তম্ভলেখক, শিল্পী- সাহিত্যিক, সমাজকৰ্মী আদিক লগত লৈ একেলগে বৰ অসমৰ সামগ্ৰিক বিকাশ, পৰস্পৰে পৰস্পৰৰ মাজত আস্থা আৰু বিশ্বাস সৃষ্টি, পৰম্পৰা-ঐতিহ্য ৰক্ষা, সকলো সাংবাদিকৰ বৃত্তিগত আৰু ব্যক্তিগত নিৰাপত্তা নিশ্চিত কৰা, সাংবাদিকৰ পেঞ্চন বৃদ্ধি আৰু জীৱন বীমা কৰা আদি বিভিন্ন দাবী সমাধানৰ বাবে মিডিয়া এছ’চিয়েছন , অসম-এ সদায় মাত মাতি যাব আৰু হাতে-কামে কৰি দেখুৱাব ৷

বৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতিজনগোষ্ঠী আৰু সকলো ভাষাভাষীৰ মাজত একতাৰ এনাজৰী কটকটীয়া কৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে এই সংগঠনে কাম কৰিব ৷ আজি মহানগৰীৰ গনেশগুৰিত থকা অগ্ৰদূত ভৱনত মহীৰূহ কনকসেন ডেকাৰ সঞ্চালনাত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাতে ২৫ জনীয়া এখল কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় ৷

সভাই সংগঠনৰ সংবিধান প্ৰণয়ন, পঞ্জীয়ন আৰু অন্যান্য কামকাজৰ বাবে কাৰ্যনিৰ্বাহকক দায়িত্ব অৰ্পণ কৰে৷ আজিৰ সভাই গঠন কৰা কাৰ্যনিৰ্বাহক সমিতিখন হ’ল-

মুখ্য উপদেষ্টা : কনকসেন ডেকা, উপদেষ্টা : মৃণালিনী দেৱী, ড°দয়ানন্দ পাঠক, দেৱজ্যোতি হাজৰিকা, নীৰা গগৈ সোণোৱাল, নিতুল বৰগোহাঁই, ৰাজকুমাৰ আগৰৱালা, কৈলাশ শৰ্মা আৰু ৰাজেশ কেম্প্ৰাই৷ 
মুঠ ২৫ জনীয়া কাৰ্যকৰী সমিতিখন এনেধৰণৰ- সভাপতি : হীৰেন চন্দ্ৰ কলিতা,  উপসভাপতি : দ্বীপেন বায়ন, জয়ন্ত কলিতা, ৰসধৰ শৰ্মা, নৱনীতা কলিতা আৰু বিপুল দাস ৷

সংগঠনৰ সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়া৷ সহকাৰী সম্পাদক- বনদীপ গোস্বামী, অমৰ কাশ্যপ, ইন্দ্ৰেশ্বৰ হাজৰিকা, কুমুদ বড়ো আৰু সংগীতা শইকীয়া ৷ সাংগঠনিক সম্পাদক সকল ক্ৰমে- শেৱালি কলিতা, ৰঞ্জিত পাটগিৰী, বিকাশ শৰ্মা আৰু আজাহুৰুল ইছলাম ৷ প্ৰচাৰ সম্পাদকসকল- দৰ্শনা বৰুৱা, পপী দাস, দীপজ্যোতি শৰ্মা, হীৰক কাশ্যপ ৷ কাৰ্যকৰী সদস্যসকল- পৱিত্ৰ মেছ, ৰঞ্জিতা দেৱী, আব্দুল চাজিদ, ৰিন্টু কূৰ্মী আৰু দিপাংকৰ পাঠক ।

কনকসেন ডেকা