/asomiyapratidin/media/media_files/2024/11/29/GmxQ9azX3T9uJ4GhnDyt.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে আজি এক নিৰ্দেশযোগে তৎকালে বলৱৎ হোৱাকৈ ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীক্ষক অশোক কুমাৰ শৰ্মাক চাকৰিৰ পৰা নিলম্বিত কৰিছে।
ধুবুৰীত অবৈধভাৱে ৰেচন কাৰ্ড বিতৰণ কৰাক লৈ বিভাগটোৰ ঊৰ্ধতন কৰ্তৃপক্ষই আজি এই কঠোৰ পদক্ষেপ গহণ কৰা বুলি সুত্ৰই জানিবলৈ দিয়ে। তদুপৰি ধুবুৰীত ৰাজহৱা বিতৰন ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি থকা অনিয়ম আৰু দুৰ্নীতিৰো অভিযোগ উত্থাপিত হৈছিল।
শেহতীয়াকৈ অসম চৰকাৰে যোগান বিভাগটোক অধিক সক্ৰিয় কৰি তোলাৰ অৰ্থে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যাতে চাউল, আটাৰ বিতৰণত দৰিদ্ৰ হিতাধিকাৰী ৰাইজে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰ পিচতো ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা(এটা অংশ) ত ৰাজুহৱা বিতৰণ ব্যৱস্থাত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।ধুবুৰী যোগান বিভাগৰ অধীনস্থ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা(এটা অংশ)ৰ দুখীয়া হিতাধিকাৰী ৰাইজৰ বাবে সুলভ মূল্যৰ আটাৰ আৱন্টন হোৱাৰ পিচতো ৰাইজে আটা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগো উত্থাপিত হৈছিল।
সমগ্ৰ বিষয়টো চালি-জাৰি চাই আজি অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে ধুবুৰীৰ অধীক্ষক অশোক কুমাৰ শৰ্মাক নিলম্বন কৰাৰ নিৰ্দেশ দিয়াৰ পিচতে উক্ত বিভাগটোত এক জোকাৰণিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।