/asomiyapratidin/media/media_files/2025/07/06/333-2025-07-06-23-28-11.jpg)
ডিজিটেল সংবাদ, বিহালী : দেওবাৰৰ পুৱতি নিশা প্ৰায় ৪-৩০ বজাত বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে নাচবৰস্থিত নিজা বাসগৃহৰ ভিতৰত জীৱনৰ চৰমপন্থা গ্ৰহণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ জানিব পৰা মতে পুৱা প্ৰায় ৫-৩০ বজাত শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ স্বামী দীপক উপাধ্যায়ে পত্নীৰ দেহ চিপজৰী লৈ থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে ৷
বিহালী শিক্ষা জগতৰ এগৰাকী অতিনিৰ্জু, অমায়িক, ভদ্ৰ মহিলা হিচাপে পৰিচিত শিক্ষয়ত্ৰী উপাধ্যায়ৰ আত্মহত্যাৰ খবৰ বনজুই দৰে সমগ্ৰ বিহালীত বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত ৰাইজ উপস্থিত হয়৷ সমান্তৰালভাৱে বিহালী আৰক্ষীৰ এক দল প্ৰধান শিক্ষক মায়া দেৱী উপাধ্যায়ৰ বাসগৃহত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰোণত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ উপৰিও ঘটনাৰ তদন্ত আৰম্ভ কৰে৷
উল্লেখযোগ্য যে প্ৰধান শিক্ষয়িত্ৰী উপাধ্যায়ে মৃত়্যুৰ পূৰ্বে এটি টোকা লিখি থৈ গৈছে৷ প্ৰধান শিক্ষয়ত্ৰী উপাধ্যায়ৰ স্বাক্ষৰযুক্ত চুইচাইড নোটত উল্লেখ আছে যে, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসৰ অকথ্য নিৰ্যাতন, লজ্জা সহিব নোৱাৰি প্ৰধান শিক্ষকগৰাকীয়ে আত্মহত্যাৰ চৰম পন্থা বাচি ল'ব লগা হ'ল ৷
ইমানেই নহয় প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ চুইচাইড নোটত উল্লেখ যে, তেওঁৰ সহকৰ্মী তথা সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসে মায়া দেৱী উপাধ্যায়ৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে চক্ৰান্ত সহ্য কৰিব নোৱাৰি এই চৰম পথ বাচি ল'ব লগা হ'ল ৷
অভিযোগ মতে- দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ তদুপৰি শিক্ষা বিষয়া মিলন দাসে শিক্ষয়ত্ৰীগৰাকীৰ জুন মাহৰ দৰ্মহা পৰ্যন্ত বন্ধ ৰাখিছিল ৷
উল্লেখযোগ্য যে, মায়া দেৱী উপাধ্যায়ৰ মৃতদেহৰ সতে উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ যে- "বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া (BEEO) চাৰৰ অত্যাচাৰ আৰু অফিচৰ মানুহৰ পৰা লজ্জিত হৈ মোৰ মানসিক ভাৰাসাম্য হেৰাই মই নিজে আত্মহত্যাৰ পথ বাচি ল'লোঁ৷''
ইয়াৰ উপৰিও চুইচাইড নোটত উল্লেখ যে -- ''বিদ্যালয়ৰ ফাণ্ডৰ টকা ব্ৰজেন কুমাৰ দাসে নিজ বেংক একাউন্ট নম্বৰ আৰু ফোন নম্বৰ দি গোটেই খেলিমেলি কৰি মোক ফচাৱলৈ কথা লগাই ফুৰাত লজ্জিত হৈছোঁ৷ এম ডি এমৰ টকা উলিয়াই পকেটত ভৰাইছে ৷""
তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল- বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়কেই যে মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ আছে তেনে নহয়, শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ বিহালীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষকক কাৰ্যালয়লৈ তলব কৰি চূড়ান্ত অভব্য ভাষাৰে চিঞৰি চিঞৰি টেটুফালি কাৰ্যালয়তে গালি গালাজ পাৰি আত্মসন্মানত আঘাত হনাৰ উপৰিও মানসিক নিৰ্যাতন চলোৱাৰ দেধাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
বিশেষকৈ শিক্ষা বিষয়া মিলন দাসে মহিলা শিক্ষয়ত্ৰীকো শিক্ষাখণ্ড কাৰ্যালয়ত ৰাজহুৱাভাৱে চূড়ান্ত অপমানজনক শব্দ-বাক্য তথা অশ্ৰাব্য শব্দৰে ব্যৱহাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এক কথাত শিক্ষা বিষয়া মিলন দাসৰ মাফিয়াৰাজত বিহালীৰ শিক্ষক সমাজৰ মৰ্যদা হনন কৰি আহিছিল ৷
তাৰ মাজতে শিক্ষা বিষয়া মিলন দাসৰ অত্যাচাৰ-নিৰ্যাতন সহ্য কৰিব নোৱাৰি প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে আত্মহননৰ দৰে চৰম পথ বাচি ল'ব লগা পৰিস্থিতি পৰিৱেশ উদ্ভৱ হ'ল৷ উল্লেখযোগ্য বিষয়টো হ'ল- শিক্ষা বিষয়া মিলন দাসে বিহালী প্ৰাথমিক শিক্ষা বিষয়া হিচাপে যোগাদান কৰাৰ পূৰ্বে অৰ্থাৎ ২০২৪ চনৰ ছেপ্তেম্বৰ মাহত বৰপেটা জিলাৰ ভবানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে কাৰ্যনিবাহ কৰি থকাৰ সময়ত কাৰ্যালয়ত শিক্ষকৰে উৎকোচ লৈ গোপন কেমেৰাত বন্দী হৈছিল ৷
শিক্ষা বিষয়া মিলন দাসে কাৰ্যালয়ৰ ভিতৰত উৎকোচ লোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষা বিষয়া মিলন দাসৰ উৎকোচ ঘটনাৰ তদন্তৰে বিভাগীয়ভাৱে কাৰণদৰ্শোৱা জাননী জাৰি কৰিছিল ৷ জানিব পৰা মতে বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব মধুমিতা ভাগৱতীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
আনহাতে, বাক্সা জিলাৰ অন্তৰ্গত জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসে কাৰ্যনিবাহ কৰি থৰাৰ সময়ত শিক্ষা বিষয়া মিলন দাসৰ মানসিক অত্যাচাৰ-নিৰ্যাতনৰ বলি হৈ মৃত্যুবৰণ কৰিব লগা হৈছিল বুলি অভিযোগ আছে ৷ তদুপৰি বাক্সা জিলাৰ বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া হিচাপে কাৰ্যানিবাহ কৰি থকাৰ সময়ত নিজ কাৰ্যালয়ৰ মন্মথ দাস নামৰ গাননিক বিষয়াজনে অত্যাচাৰ নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱাৰ দৰে গুৰুতৰ অভিযোগ আছে ৷
চৰম দূৰ্ভাগ্যজনক বিষয়টো হ'ল- বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি যি সময়ত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল'লে, সেই সময়ত বিহালী প্ৰাথমিক শিক্ষা সন্মিলনী নানৰ শিক্ষক সংগঠনটোৱে যিদৰে প্ৰতিক্ৰিয়া উদ্বিগ্নতা প্ৰকাশ কৰিব লাগিছিল তেনে কাৰ্যপন্থা পৰিলক্ষিত নোহোৱাত বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷