মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইনৰ সফল পৰীক্ষা...

দেশবাসীৰ বাবে ভাল খবৰ। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ' আৰু ভাৰতীয় নৌ-সেনাৰ যুটীয়া প্ৰচেষ্টাত দেশৰ নৌ-সেনাৰ প্ৰতিৰক্ষা ক্ষমতাৰ উন্নতি সাধনত গুৰুত্ব প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইনৰ সফল পৰীক্ষা

মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইনৰ সফল পৰীক্ষা

ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে ভাল খবৰ। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ' আৰু ভাৰতীয় নৌ-সেনাৰ যুটীয়া প্ৰচেষ্টাত দেশৰ নৌ-সেনাৰ প্ৰতিৰক্ষা ক্ষমতাৰ উন্নতি সাধনত গুৰুত্ব প্ৰদান কৰা হৈছে । এই উদ্দেশ্যে মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন চমুকৈ এম আই জি এমৰ বৈধকৰণ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰা হৈছে । 

এই সফল পৰীক্ষাই সাগৰৰ তলৰ যুদ্ধত ভাৰতীয় নৌ-সেনাৰ কৌশল প্ৰদৰ্শন কৰিব। তাৰোপৰি ভাৰতীয় নৌ- সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব ।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, এই ব্যৱস্থাটো হৈছে বিশাখাপট্টনমৰ নৌ বিজ্ঞান আৰু প্ৰযুক্তি গৱেষণাগাৰে অন্যান্য ডি আৰ ডি অ’ পৰীক্ষাগাৰসমূহৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফচল। এই পৰীক্ষা সম্পন্ন কৰাত সহযোগিতা আগবঢ়াইছে পুনেৰ হাই এনাৰ্জি মেটেৰিয়েলছ ৰিচাৰ্চ লেবৰেটৰী, চণ্ডীগড়ৰ টাৰ্মিনেল বেলিষ্টিকছ ৰিচাৰ্চ লেবৰেটৰী আৰু টাৰ্মিনেল বেলিষ্টিকছ ৰিচাৰ্চ লেবৰেটৰীয়ে।

উল্লেখযোগ্য যে, ডি আৰ ডি অ’, ভাৰতীয় নৌসেনা আৰু সহযোগী উদ্যোগসমূহক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, এই ব্যৱস্থাই ভাৰতীয় নৌসেনাৰ সাগৰৰ তলৰ যুদ্ধৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। একেদৰে প্ৰতিৰক্ষা বিভাগৰ অনুসন্ধান আৰু বিকাশ বিভাগৰ সচিব আৰু ডি আৰ ডি অ’ অধ্যক্ষ ড০ সমীৰ ভি কামাতে কয় যে, এই বৈধকৰণ পৰীক্ষাৰ জৰিয়তে এতিয়া এই ব্যৱস্থাটো ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্তিৰ বাবে সাজু হৈছে।

ৰাজনাথ সিং