চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী আৰু পদ্ম সৰস্বতী বিদ্যা মন্দিৰৰ সফলতাৰ ধাৰাবাহিকতা অব্যাহত

চিলাপথাৰৰ অঞ্চলৰ দুই আগশাৰীৰ শিক্ষানুষ্ঠান ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী (জুনিয়ৰ কলেজ) আৰু পদ্ম সৰস্বতী বিদ্যা মন্দিৰে এইবাৰো অক্ষত ৰাখিলে সাফল্যৰ ধাৰাবাহিকতা

author-image
Asomiya Pratidin
New Update
zdgbx

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰৰ অঞ্চলৰ দুই আগশাৰীৰ শিক্ষানুষ্ঠান ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী (জুনিয়ৰ কলেজ) আৰু পদ্ম সৰস্বতী বিদ্যা মন্দিৰে এইবাৰো অক্ষত ৰাখিলে সাফল্যৰ ধাৰাবাহিকতা। ডিমৌ চিনিয়ৰ চেকেণ্ডাৰীত জ্যেষ্ঠ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৫১ জন পৰীক্ষাৰ্থী। তাৰে ভিতৰত উত্তীৰ্ণ হয় ১৪৮ জন (৯৮.০১%)। 

Advertisment

ইয়াৰে ১৭ জনে প্ৰথম, ৮৯ জনে দ্বিতীয় আৰু ৪২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পৰীক্ষাৰ্থীসকলৰ বহুতেই ষ্টাৰ আৰু লেটাৰ নম্বৰ লাভ কৰি সফল হয়। একেদৰে বাণিজ্য শাখাত ১৭ জন পৰীক্ষাৰ্থীৰ ভিতৰত ১৬ জনে (৯৪.১২%) উত্তীৰ্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এই সফলতাৰ বাবে শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

একেইদৰে চিলাপথাৰ পদ্ম সৰস্বতী বিদ্যা মন্দিৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইবাৰ বিজ্ঞান শাখাত পৰীক্ষাৰ্থী আছিল মুঠ ৮০ জন। সফলতা লাভ কৰে ১০০ শতাংশই। ইয়াৰে প্ৰথম বিভাগ ৭৮ জন, দ্বিতীয় বিভাগত ২ জন উত্তীৰ্ণ হয়।  ডিষ্টিংচন - ৪ জন, ষ্টাৰ - ২৫ জন আৰু লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয় মুঠ ৬৩ গৰাকীয়ে।

উল্লেখযোগ্য যে, ডিষ্টিংচন লাভ কৰা শিক্ষাৰ্থীসকল হ'ল ক্ৰমে - দৃষ্টি শইকীয়া, গায়ত্ৰী বৰুৱা, কবিতা বৰুৱা আৰু সুদক্ষীনা হাজৰিকাক আজি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে সফলতা অৰ্জন কৰা প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থী ও অভিভাৱকক অভিনন্দন জ্ঞাপন কৰে সঞ্চালক জোনটি সোনোৱালে।

silapathar