বহুমুখী প্ৰতিভাৰে উজলিছে নৃত্য পটিয়সী ৰাইশ্বা শ্বাহনৱাজ

নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী অসমীয়া যুৱতী ৰাইশ্বা শ্বাহনৱাজ। ৩ বছৰ বয়সৰ পৰাই অসমৰ প্ৰসিদ্ধ নৃত্যগুৰু উপাসনা মহন্ত গগৈৰ তত্ত্বাৱধানত ভাৰত নাট্যম শিকিবলৈ লোৱা ১৮ বছৰীয়া ৰাইশ্বা বৰ্তমান এগৰাকী পটু নৃত্য পটিয়সী।

author-image
Asomiya Pratidin
New Update
AP FOR WEBcinema

ডিজিটেল সংবাদ, গুৱাহাটী : নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী অসমীয়া যুৱতী ৰাইশ্বা শ্বাহনৱাজ। ৩ বছৰ বয়সৰ পৰাই অসমৰ প্ৰসিদ্ধ নৃত্যগুৰু উপাসনা মহন্ত গগৈৰ তত্ত্বাৱধানত ভাৰত নাট্যম শিকিবলৈ লোৱা ১৮ বছৰীয়া ৰাইশ্বা বৰ্তমান এগৰাকী পটু নৃত্য পটিয়সী।

Advertisment

শ্বাহনৱাজ আলী আৰু মঞ্জুলা ৰহমানৰ কন্যা ৰাইশ্বাই বৰ্তমান নিজৰ প্ৰতিভাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে । ২০১৯ চনত বিশাৰদ সম্পূৰ্ণ কৰি ২০২৩ চনত আৰেংগেট্ৰম সম্পন্ন কৰা ৰাইশ্বাই নৃত্যৰ সমান্তৰালকৈ অভিনয় আৰু মডেলিঙতো নিজৰ প্ৰতিভাৰ চানেকি ৰাখিছে।

ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰশান্ত ঘোষৰ তত্ত্বাৱধানত মডেলিং আৰম্ভ কৰা বৰ্তমানৰ এগৰাকী পেছাদাৰী মডেল ৰাইশ্বাই “লাইট চাউণ্ড কেমেৰা একচন” , “গোহলী ঘৰৰ দূৰদৰ্শন” আদি মঞ্চনাটতো দক্ষতাৰে অভিনয় কৰিছে । নৃত্য-নাট্য-মডেলিঙৰ লগতে চিত্ৰাংকনতো তেওঁ আগবঢ়া।

তদুপৰি এগৰাকী মেধাবী ছাত্ৰী ৰাইশ্বাই ২০১৫চনত ইংলিশ্ব অলিম্পিয়াডত সোণৰ পদক লাভ কৰিছিল।কেৱল ইমানেই নহয় ২০২০-২১ বৰ্ষৰ চিচিআৰটি বৃত্তিধাৰী ৰাইশ্বা এগৰাকী প্ৰশিক্ষিত টাইকোৱাণ্ডো খেলুৱৈয়ো। ৰাইশ্বাই এতিয়ালৈকে লাভ কৰা সন্মান সমুহৰ ভিতৰত ওড়িশাত আয়োজিত কীট নানহি পৰীত বিভিন্ন সময়ত প্ৰথম ৰাণাৰ্ছ আপ, লিটল মিছ ইউনিভাৰ্ছ, মিছ মেঘালয়া, মিছ ছেলফী আদি সন্মান লাভ কৰিছে।

তাৰোপৰি ২০২০ চনত নেশ্বনেল ফেচ আইকনিক, ২০২১চনত আন্তঃৰাষ্ট্ৰীয় নৃত্য ময়ুৰী সন্মান, ২০২২ চনত নাৰী শক্তি পুৰস্কাৰ, ৰাষ্ট্ৰীয় কামৰূপা মডেল বঁটা, নৰ্থ-ইষ্ট ষ্টাৰ সন্মান, ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় নৃত্যশ্ৰী বঁটা, ⁠এহছাছ আন্তঃৰাষ্ট্ৰীয় গান্ধী শান্তি বঁটা, ফেচ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা(ভাৰত চৰকাৰ অধীনস্থ),২০২৪ চনত মহাত্মা গান্ধী উৎকৃষ্টতাৰ বঁটা, এইমছ সম্মান পৰ্ভ, ২০২৫চনত কল্কি নিউজৰ বিউটী ৱিথ ব্ৰেইন সন্মানো তেওঁ লাভ কৰিছে।

আনহাতে ২০১৯ চনত থাইলেণ্ডত অনুষ্ঠিত ভাৰত সাংস্কৃতিক য়ুথত আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বিহুত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল তেওঁ। ২০২২ চনত আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানত বৃত্তি লাভ কৰা ৰাইশ্বাই ২০১৭ চনতেই কাকতৰ পৃষ্ঠাত গল্প প্ৰকাশ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।

তদুপৰি ২০২৩ চনত চিবিএছই জ'নেল টাকৱণ্ডো চেম্পিয়নশ্বিপ ৰূপৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হোৱা ৰাইশ্বাই শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তি পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত অনাৰেৰী ডক্টৰেট ইন আৰ্টছ (ক্লাছিকেল ডান্স) ডিগ্ৰীও লাভ কৰিছে। অভিনয়ৰ প্ৰতিও আগ্ৰহী ৰাইশ্বাক ছানলিছা প্ৰডাকচনৰ এখন বলীউডৰ চিনেমাৰ বাবেও নিৰ্বাচিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

cinema dance