উচ্চতৰ মাধ্যমিকত মাজুলীৰ স্নেহা ফুকনৰ সাফল্য...

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে স্নেহা ফুকনে। এই পৰীক্ষাত তেওঁ ডিষ্টিংচনসহ ৯৩.৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিকত মাজুলীৰ স্নেহা ফুকনৰ সাফল্য

ডিজিটেল ডেস্ক : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে স্নেহা ফুকনে। এই পৰীক্ষাত তেওঁ ডিষ্টিংচনসহ ৯৩.৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মেধাৱী স্নেহা মাজুলীৰ চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।

উল্লেখ্য যে, তেওঁ‌ৰ ঘৰ মাজুলীৰ শিলিখাগুৰি গাঁ‌ৱত। পিতৃৰ নাম প্ৰয়াত কীৰ্তিচন্দ্ৰ ফুকন আৰু মাতৃৰ নাম ইৰা ফুকন। ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়খনৰ লগতে শিলিখাগুৰি অঞ্চলৰ সকলোৱে আনন্দ প্ৰকাশ কৰিছে । 

তেওঁ‌ অসমীয়াত ৮৬, ইংৰাজীত ৯১, ৰাজনীতি বিজ্ঞানত ৯৯, অৰ্থনীতিত ৯৮, স্বদেশ অধ্যয়নত ৯৫ আৰু ইতিহাস বিষয়ত ৯৩ নম্বৰ লাভ কৰি এই সফলতা লাভ কৰিছে ।

majuli