Advertisment

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰেণেছা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ সাফল্য

ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ আৰু ৰিডম ইভেণ্ট এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সুৱসনাই দুয়োটা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
award

award

ডিজিটেল সংবাদ, বেবেজীয়া : ত্ৰিবেণী কালচাৰেল চেণ্টাৰ, উৰিষ্যাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ ২০২৪ ত নগাঁৱৰ এগৰাকী ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰী গৰাকী হ’ল নগাঁৱৰ ৰেণেছা মাধ্যমিক বিদ্যালয়ৰ সুৱসনা  কাশ্যপ।  
Advertisment
ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ আৰু ৰিডম ইভেণ্ট এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সুৱসনাই দুয়োটা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কাশ্যপে গোৱা কাৰ্নিভেলত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। 
উক্ত প্ৰতিযোগিতাত সাফল্য লাভ কৰা সুৱসনাক দুয়োটা শিতানতে বঁটা প্ৰদান কৰা হয়। বঁটা দুটি ক্ৰমে নগাঁও জিলা পুথিভঁৰাল আৰু গুৱাহাটীস্থ জ্যোতি চিত্ৰবন চচাইটিয়ে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা হয়। ছাত্ৰী গৰাকীৰ এই সাফল্যৰ বাবে ৰেণেছা মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালে অভিনন্দন জনাইছে।
award Bebejia