/asomiyapratidin/media/media_files/2025/06/25/239-2025-06-25-19-37-23.jpg)
ডিজিটেল সংবাদ, নগাঁও : সদ্য ঘোষিত ‘Indian institute of science education and research’ পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে অতি সুন্দৰ ফলাফলৰে জিলিকি উঠিছে নগাঁৱৰ বেচৰকাৰী খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়। সৰ্বভাৰতীয় পৰ্যায়ৰ ২৬ সংখ্যক আৰু ৬০ সংখ্যক স্থান প্ৰাপ্তিৰে জোনাক কৃশ শাণ্ডিল্য আৰু ৰজত ঘোষে বিদ্যালয়খনলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
ছাত্ৰদ্বয়ৰ সফলতাত শিক্ষানুষ্ঠানখনৰ শিক্ষক -শিক্ষয়িত্ৰী আনন্দিত হোৱাৰ উপৰিও নগাঁও চহৰবাসীৰ মাজত বিয়পি পৰিছে সুখৰ বন্যা । বিগত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত ১৯ টাকৈ স্থান দখলেৰে গৌৰৱৰ অধিকাৰী হোৱা শিক্ষানুষ্ঠানখনৰ পৰা ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জোনাক কৃশ শাণ্ডিল্য ই ৯৫.৮% আৰু ৰজত ঘোষে ৯৪.৬% নম্বৰ প্ৰাপ্তিৰে এক সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল।
উল্লেখযোগ্য যে, শিক্ষকসকলৰ নিয়মীয়া পাঠদান, বিদ্যালয়ৰ সাপ্তাহিক মক টেষ্ট, ছাত্ৰ-ছাত্ৰীৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা, আত্মবিশ্বাস, শ্ৰম আৰু একাগ্ৰতাৰ নিদৰ্শনেৰে সফলতাৰ ধাৰা অব্যাহত ৰখা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ স্বৰূপ পুনৰ বন্দিত হ'ল বুলি সচেতন মহলে একেমুখে উল্লেখ কৰিছে।