চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বন্তি পাঠকৰ সফলতা…

সদ্য ঘোষিত চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কোকৰাঝাৰৰ বন্তি পাঠকে লাভ কৰিছে সফলতা । উক্ত পৰীক্ষাৰ বিজ্ঞান শাখাত বন্তিয়ে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ৯১.৪ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে। 

author-image
Asomiya Pratidin
New Update
চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বন্তি পাঠকৰ সফলতা

চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বন্তি পাঠকৰ সফলতা

ডিজিটেল সংবাদ, কোকৰাঝাৰ : সদ্য ঘোষিত চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কোকৰাঝাৰৰ বন্তি পাঠকে লাভ কৰিছে সফলতা । উক্ত পৰীক্ষাৰ বিজ্ঞান শাখাত বন্তিয়ে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ৯১.৪ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে। 

Advertisment

উল্লেখযোগ্য যে, ভূটীয়াপাৰাৰ গগণ পাঠক আৰু দীপা নাথৰ কন্যা বন্তি পাঠক । বন্তিয়ে পদাৰ্থ বিজ্ঞানত লাভ কৰিছে ৯০ নম্বৰ। একেদৰে ৰসায়ন বিজ্ঞানত ৯৫, ইংৰাজী ৯৫ আৰু জীৱ বিজ্ঞানত লাভ কৰিছে ৮২ নম্বৰ ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলত অধ্যয়ন কৰিছিল বন্তি পাঠকে । তাৰোপৰি স্কুলৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে ।

exam kokrajhar cbsc