কি পৰিস্থিতিত বিবাহপাশত আবদ্ধ হৈছিল ব্ৰহ্মচাৰী হনুমান...

বিশেষ পৰিস্থিতিত পৰি তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। উল্লেখযোগ্য যে, তেলেংগানাৰ খাম্মাম জিলাত আছে প্ৰভু হনুমান আৰু তেওঁৰ পত্নী সুৱৰ্চলাৰ মন্দিৰ।

author-image
Asomiya Pratidin
New Update
ো্্্্

ডিজিটেল ডেস্কঃ  আজি পৱনপুত্ৰ হনুমানৰ জন্ম জয়ন্তী। সমগ্ৰ দেশতে ভক্ত সকলে পৰম শ্ৰদ্ধা-ভক্তিৰে হনুমান জয়ন্তী পালন কৰিছে। হনুমান অতি সহজে সন্তুষ্ট হোৱা দেৱতা বুলি বিশ্বাস কৰা হয়। মঙলবাৰে শ্ৰী হনুমান চালিছা পাঠ কৰিলে ভগৱানে ভক্তসকলৰ ইচ্ছা পূৰণ কৰে বুলি কোৱা হয়।

Advertisment

সকলোৱে জানে যে, হনুমানক আজীৱন ব্ৰহ্মচাৰী। কিন্তু পৰাশৰ সংহিতাত পোৱা কাহিনী অনুসৰি প্ৰভু হনুমান আছিল বিবাহিত। বিশেষ পৰিস্থিতিত পৰি তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। উল্লেখযোগ্য যে, তেলেংগানাৰ খাম্মাম জিলাত আছে প্ৰভু হনুমান আৰু তেওঁৰ পত্নী সুৱৰ্চলাৰ মন্দিৰ।

ধৰ্মীয় বিশ্বাস অনুসৰি, এই মন্দিৰ দৰ্শন কৰিলে বিবাহিত জীৱনৰ সকলো সমস্যাৰ সমাধান হয়। পৰাশৰ ঋষিয়ে কোৱা কাহিনী মতে, হনুমান ভগৱানে সূৰ্য্য দেৱতাক নিজৰ গুৰু মানিছিল। তেওঁ সূৰ্য্য দেৱতাৰ পৰা ৯ টা জ্ঞান আহৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

সূৰ্য্য দেৱতাই হনুমানক ৯ টা প্ৰধান বিদ্যাৰ ভিতৰত ৫ টা শিকাইছিল যদিও বাকী ৪ বিদ্যা শিকোৱাৰ সময়ত এটা বাধাৰ সৃষ্টি হৈছিল। কাৰণ সেই জ্ঞানবোৰ শিকিবলৈ বিয়া হোৱাটো প্ৰয়োজনীয় আছিল। তেতিয়া গুৰু সূৰ্য্য দেৱে তেওঁক বিয়া পতাৰ আদেশ দিছিল।

গুৰুৰ আদেশ মতে হনুমানে বিয়াৰ সিদ্ধান্ত লয় যদিও পাত্ৰী বিচাৰি অসুবিধাত পৰে। ইয়াৰ সমাধানৰ বাবে তেওঁক ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে এক সমাধা দিছিল। তেওঁলোকৰ পৰামৰ্শ অনুসৰিয়ে সূৰ্যই নিজৰ ৰশ্মিৰ পৰা এগৰাকী কন্যা সৃষ্টি কৰি তেওঁৰ নাম ৰাখিছিল সুৱৰ্চলা। লগতে সূৰ্যই কয় যে, "হনুমানৰ বাহিৰে আন কোনেও মোৰ কন্যাক বিয়া কৰাব নোৱাৰিব । এয়া হ'ব হনুমানৰ গুৰুদক্ষিণা ।"

লগে লগে লাখ লাখ দেৱতাৰ উপস্থিতিত হনুমান আৰু সুৱৰ্চলা বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ পিছত হনুমানে ৯ টা প্ৰধান বিদ্যাৰ অধ্যয়ন সম্পূৰ্ণ কৰে আৰু পুনৰ তপস্যাৰ জীৱন আৰম্ভ কৰে। এই কাহিনী পৰাশৰ সংহিতাত লিপিবদ্ধ কৰা হৈছে । লগতে উল্লেখ কৰা হৈছে যে তেওঁলোকৰ বিবাহ জ্যেষ্ঠ শুদ্ধ দশমীত হৈছিল। সেয়ে বৰ্তমানেও কিছুমান মন্দিৰত এই পৱিত্ৰ তাৰিখত তেওঁলোকৰ ঐশ্বৰিক মিলনক স্মৰণ কৰা হয় ।

হনুমান