/asomiyapratidin/media/media_files/2025/06/21/lahoal-21-2025-06-21-13-13-38.jpg)
ডিজিটেল সংবাদ লাহোৱালঃ লাহোৱালৰ ছাগলীকটাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কাৰ্যসূচী দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ২নং ছাগলীকটা গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ ছাগলীকটা গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে সন্ধিয়া ছাগলীকটা তিনিআলিত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূতি উন্মোচন কৰা হয়।
২ নং ছাগলীকটা গাঁৱৰ ৰাইজৰ গাঁঠিৰ ধনেৰে গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় ২ লাখ ৫০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াছে আৱক্ষ প্ৰতিমূতিটো। প্ৰয়াত গণশিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়ালে প্ৰতিমূৰ্তিত এখনি ফুলাম গামোছা পিন্ধাই আৱক্ষ প্ৰতিমূৰ্তিটো উন্মোচন কৰি আৱেগিক হৈ পৰে।
উন্মোচনী অনুষ্ঠানত গণশিল্পী ৰাজীৱ শদিয়াৰ পিতৃ, মাতৃ, পুত্ৰ, পৰিয়ালৰ লোকসকলৰ উপৰিও মটক স্বায়ত্ব শাসিত পাৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, পথাৰ শিল্পী ৰোহিত গগৈ, শিল্পী বিশ্বজিৎ খাটোৱালৰ লগতে গাঁৱৰ সমূহ ৰাইজ উপস্থিত থাকি ৰাজীৱ শদিয়া জিন্দাবাদ, ৰাজীৱ শদিয়া অমৰ হওক, জয় আই অসম আদি ধ্বনি দি সকলোৱে চকুলো টোকা দেখিবলৈ পোৱা যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us