/asomiyapratidin/media/media_files/2025/05/13/defaGYyTVEtJszBYbFhc.jpg)
শিলামূৰ্তি দুমাহে পৰিত্যক্ত আৰক্ষী চকীত
ডিজিটেল সংবাদ, কলিয়াবৰ : প্ৰত্নতাত্বিক বিভাগৰ চৰম অৱহেলা তথা অমনোযোগী মনোভাবৰ বাবেই কলিয়াবৰৰ শিলঘাটত বিগত ২১ফেব্ৰুৱাৰীতে উদ্ধাৰ হোৱা অষ্টম শতিকাৰ এটি প্ৰাচীন শিলামুর্তি আজিও শিলঘাট আৰক্ষী চকীত পৰি ৰোৱা কথাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কলিয়াবৰ চাহ বাগিচাৰ নিজ লাইনৰ মোহন গোৱালা নামৰ লোকজনৰ ঘৰৰ কাষতে আজি মাটিৰ তলত উদ্ধাৰ হৈছিল প্ৰাচীন শিলৰ মূৰ্তিটো ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শৌচালয়ৰ টেংকীৰ বাবে গাত খান্দি থাকোতে উদ্ধাৰ হৈছিল মূৰ্তিটো । সেই সময়ত মোহন গোৱালাৰ পত্নী দীম্পল ৰাউতে স্থানীয় ৰাইজৰ সহযোগত শিলৰ মূৰ্ত্তিটোক স্নান কৰোৱাই পূজা- অৰ্চনা কৰি আৰক্ষীক চমজাই দিছিল আপুৰুগীয়া শিলৰ মূৰ্ত্তিটো।
/asomiyapratidin/media/media_files/2025/05/13/AnVTElSMfWzZMAWw1BCL.jpg)
শিলামূৰ্তি উদ্ধাৰ হোৱা খবৰ পাই কলিয়াবৰ সমজিলা প্ৰশাসনৰ হৈ সমজিলা প্ৰশাসনে মূৰ্তিটো উদ্ধাৰ হোৱা স্থান পৰিদৰ্শন কৰাৰ লগতে পৰিয়ালটিৰ গৃহত উপস্থিত হৈছিল। উদ্ধাৰ হোৱা শিলৰ মূৰ্ত্তিটো মোহন গোৱালাৰ ঘৰৰ ভিতৰত ধূপ চাকি জ্বলাই স-ভক্তিৰে ৰখা হৈছিল।
আনহাতে আৰক্ষীয়ে খবৰ পাই মূৰ্তিটো নিজৰ জিন্মাত ৰাখি প্ৰত্নতাত্বিক বিভাগক খবৰ দিছিল যদিও আজি সম্পূৰ্ণ দুটা মাহ উকলি যোৱাৰ পাছতো প্ৰত্নতাত্বিক বিভাগৰ দেখাদেখি নোহোৱা কথাই চৰ্চালৈ আহিছে বিভাগটো। সম্প্ৰতি মূৰ্তিটো শিলঘাট আৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন বেঞ্চত থৈ দিয়া পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us