আপৰ নতুন ছাত্ৰ শাখা 'আছএপি'ত যোগদান কৰিবলৈ অসমৰ ছাত্র-ছাত্রীক আহ্বান ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

দেশত বিকল্প ৰাজনীতিৰ প্ৰসাৰৰ বাবে আৰু ভাৰতীয় ৰাজনীতিত দেশৰ ছাত্র-ছাত্রীক আগুৱাই নি তেওঁলোকৰ সমস্যা উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে 'এছ'চিয়েচন অৱ ষ্টুডেন্টছ ফৰ অল্টাৰনেটিভ পলিটিক্স'

author-image
Asomiya Pratidin
New Update
আপৰ নতুন ছাত্ৰ শাখা 'আছএপি'ত যোগদান কৰিবলৈ অসমৰ ছাত্র-ছাত্রীক আহ্বান ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটী : আম আদমি পার্টী (আপ)ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশত বিকল্প ৰাজনীতিৰ প্ৰসাৰৰ বাবে আৰু ভাৰতীয় ৰাজনীতিত দেশৰ ছাত্র-ছাত্রীক আগুৱাই নি তেওঁলোকৰ সমস্যা উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে 'এছ'চিয়েচন অৱ ষ্টুডেন্টছ ফৰ অল্টাৰনেটিভ পলিটিক্স' চমুকৈ 'আছএপি' নামৰ নতুন ছাত্র সংগঠন। 

দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো ৰাজ্যিক সমিতিয়ে ইয়াৰ তৎপৰতা আৰম্ভ কৰিছে। এক বিবৃতিযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডা০ ভবেন চৌধুৰীয়ে শিক্ষার্থীসকলক প্রত্যক্ষ ৰাজনীতিলৈ অনা আৰু পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তে বিকল্প ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে আম আদমি পার্টীয়ে এই নতুন সংগঠনটোৰ জন্ম দিয়া বুলি উল্লেখ কৰে। 

আপৰ নতুন ছাত্ৰ শাখা 'আছএপি'ত যোগদান কৰিবলৈ অসমৰ ছাত্র-ছাত্রীক আহ্বান ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

আজি দেশত মূলসুঁতিৰ ৰাজনীতি নহয় বিকল্প ৰাজনীতিৰ প্রয়োজন। দেশৰ ৮ কোটি যুৱক-যুৱতীৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ মাজত দেশপ্ৰেমৰ মনোভাব যোগাই তুলি ভাৰতক শ্রেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে 'আছএপি'য়ে কাম কৰিব বুলি ডা০ চৌধুৰীয়ে জানিবলৈ দিয়ে। 

বিবৃতিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীৱ শইকীয়া কয় যে, অনাগত দিনবোৰত আমি অসমৰ সকলো শিক্ষানুষ্ঠানত বিভিন্ন অভিযাম চলাম, যাতে বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে আমাৰ সৈতে যোগদান কৰি বিকল্প ৰাজনীতি আগুৱাই লৈ যায়। ছাত্র-ছাত্রী, যুৱক-যুৱতীয়ে হ'ল দেশৰ ভৱিষ্যৎ, তেওঁলোকে সিদ্ধান্ত ল'ব দেশখন কোন দিশলৈ যাব, সেয়েহে 'আপ'ৰ ছাত্র শাখাতকৈ উত্তম মঞ্চ থাকিব নোৱাৰে বুলি সম্পাদক ৰাজীৱ শইকীয়াই উল্লেখ কৰে।

আপ অসম