/asomiyapratidin/media/media_files/2025/12/04/1-2025-12-04-13-26-17.jpg)
ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ (CID) পৰা পোৱা বিশেষ তথ্য অনুসৰি, ৰাজ্যৰ গৃহ বিভাগে তৎকালে তিনিটা সক্ৰিয় জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। এই সিদ্ধান্ত ৰাজ্যৰ সুৰক্ষা আৰু শান্তি বজাই ৰখাৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।
গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছাকল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্রাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজ্যৰ ন্যায়িক বিভাগে ২৬ নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগ আৰু আপত্তিজনক তথ্য-সূত্ৰ লাভ কৰিছিল, যি ৰাজ্যৰ নিৰাপত্তাৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল।
উল্লেখ্য যে, উক্ত নিৰ্দেশনা অনুসৰি,নিষিদ্ধ সংগঠনকেইটাই কোনো ধৰণৰ প্ৰচাৰ মাধ্যমেৰে কৰা প্ৰচাৰক এতিয়াৰে পৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৮ নং ধাৰা অনুসৰি এক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব। ৰাজ্যৰ গৃহ বিভাগে সকলো নাগৰিকক এই সংগঠনসমূহৰ সৈতে জড়িত যিকোনো কাৰ্যকলাপৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us