/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a68ae41f-278c-4f30-9443-75dc144fd661/stoic.jpg)
guwahati
ডিজিটেল ডেস্ক : আজি গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল পালাচিঅ'ত অনুষ্ঠিত হয় এক প্ৰদৰ্শনী অনুষ্ঠানৰ । ষ্টইক মাৰ্কেটিং চল্যুশ্বন নামৰ এক মাৰ্কেটিং প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত এই প্ৰদৰ্শনীক নাম দিয়া হৈছে দ্যা স্মাৰ্টিচানচ ফেষ্টিভ এডিট ।
ভাৰতত ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হয় এক উৎসৱমুখৰ পৰিৱেশ । শাৰদীয় উৎসৱৰ বতৰে ভাৰতীয় আনন্দিত কৰি ৰাখে। এই উৎসৱমুখৰ পৰিৱেশৰ সৈতে সংগতি ৰাখিয়েই ফেশ্ৱন, লাইফ ষ্টাইল আৰু লাক্সাৰী কেন্দ্ৰিক এই প্ৰদৰ্শনীখনিত অংশগ্ৰহণ কৰে অসমৰ উপৰিও বহিঃ ৰাজ্যৰ বহু কেইটা সৰু-বৰ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা শিল্প প্ৰতিষ্ঠানে ।
ইয়াৰ ভিতৰত এথনিকো, লুলুজ ষ্টোৰ, ৱমেনিয়া, লেবেল জাহ্নবী, মেকাৰ্ছ হাব, হাউছ অৱ পিজে, আদাকাৰি, ৰানৱে ইণ্ডিয়া, ক্ৰেবিংছ এণ্ড কেক আদিৰ দৰে প্ৰখ্যাত ব্যৱসায় প্ৰতিষ্ঠানো আছে।
এই অনুষ্ঠানটিৰ মূল আকৰ্ষণ ইয়াত প্ৰদৰ্শিত সামগ্ৰীসমূহ । মূলত হস্ত নিৰ্মিত এই সামগ্ৰীসমূহে ইতিমধ্যেই ৰাইজৰ মাজত অভাৱনীয় জনপ্ৰিয়তা লাভ কৰা বুলি মন্তব্য কৰে মেকাৰজ অৱ কালেকটিভ নামৰ এটি প্ৰতিষ্ঠান এটিক প্ৰতি নিধিত্ৱ কৰা ব্যক্তি এগৰাকীয়ে। সৰ্বমুঠ ৯ টা কৈ ব্ৰেণ্ডৰ জৰিয়তে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা এই প্ৰতিষ্ঠানটিৰ গৃহ সজ্জাৰ বহু সামগ্ৰীত ব্যৱহাৰ হৈছে অসমীয়া ভাষা ।